মমতা বেনার্জীলৈ উচ্চতম ন্যায়ালয়ৰ জাননী, আই-পেকৰ কাৰ্যালয়ত ই ডিৰ তালাচীত বাধা প্রদান-কাণ্ড

dainik janambhumi January 16, 2026

ডিজিটেল ডেস্ক : 'আই-পেক'ৰ কাৰ্যালয়ত আইন বলবৎকাৰী সঞ্চালকালয় (ইডি)ৰ তালাচীৰ সময়ত বাধা প্ৰদানৰ সন্দৰ্ভত এটা অভিযোগত উচ্চতম ন্যায়ালয়ৰ কৈফিয়তৰ সন্মুখীন হ'ল পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী। উল্লেখযোগ্য যে ৮ জানুৱাৰীত তৃণমূল কংগ্ৰেছৰ ৰাজনৈতিক পৰামর্শদাতা কোম্পানী আই-পেক'ৰ কাৰ্যালয়ত ই ডিৰ তালাচী চলিছিল। তালাচী অভিযান চলি থাকোঁতেই মুখ্যমন্ত্রী মমতা বেনাজীয়ে আৰক্ষীক লগত লৈ তালাচীস্থলীত উপস্থিত হৈ কেইবাটাও ফাইল ই ডিৰ বিষয়াৰ পৰা কাঢ়ি নিছিল। 

এই ঘটনা সন্দর্ভত ই ডি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। সর্বোচ্চ ন্যায়ালয়ে ই ডিৰ আৱেদনৰ শুনানিৰ সময়ত বৃহস্পতিবাৰে কয় যে কেন্দ্ৰীয় সংস্থাটোৰ তালাচী পক্রিয়াত মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ বাধা প্ৰদানৰ অভিযোগ 'অতি গম্ভীৰ'। লগতে গুৰুতৰ অপৰাধত কোনো কেন্দ্ৰীয় সংস্থাৰ তদন্তৰ সময়ত তাত ৰাজ্যিক আইন বলবৎকাৰী সংস্থাই হস্তক্ষেপ কৰিব পাৰে নে নোৱাৰে সেয়াই পৰীক্ষা কৰা হ'ব বুলি ন্যায়ালয়ে প্রকাশ কৰে। ন্যায়াধীশে প্রশান্ত কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ বিপুল পানচেলিৰ খণ্ড বিচাৰপীঠে ই ডিৰ অভিযোগৰ ভিত্তিত মুখ্যমন্ত্রী মমতা বেনার্জী, পশ্চিম বংগ চৰকাৰ, আৰক্ষী সঞ্চালকপ্রধান ৰাজীৱ কুমাৰ আৰু কেইবাজনো শীৰ্য আৰক্ষী বিষয়ালৈ আইনী জাননী প্ৰেৰণ কৰে। 

ই ডিয়ে ন্যয়ালয়ত জনোৱা আৱেদনত তেওঁলোকৰ তালাচীত ৰাজ্য চৰকাৰে বাধা প্ৰদান কৰা বুলি অভিযোগ কৰি চি বি আইৰ তদন্ত দাবী কৰিছিল। ইফালে, আই-পেকত তালাচী চলোৱা ই ডিৰ বিষয়াৰ বিৰুদ্ধে পশ্চিম বংগত দাখিল কৰা এজাহাৰত উচ্চতম ন্যায়ালয়ে স্থগনাদেশ দিয়ে।

Share This