উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়

dainik janambhumi August 27, 2025

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে কয় যে যদি ন্যায়ালয়ে এই কথাত পতিয়ন যায় যে শীর্ষ ন্যায়ালয়খনে বাধ্যতামূলক কৰা নির্দেশনা নিশ্চিত নকৰাকৈ অভিযুক্তক মৃত্যুদণ্ড বিহা হৈছে, তেন্তে ন্যায়ালয়ে নিজৰেই ৰায় পুনৰ বিবেচনা কৰিব পাৰে। এটি ৪ বছৰীয়া কন্যা শিশুৰ বলাৎকাৰ আৰু হত্যাত দোষী সাব্যস্ত এজন লোকক দিয়া মৃত্যুদণ্ডৰ ৰায় শেহতীয়াকৈ বাতিল কৰি ন্যায়ালয়ে কয় যে সংবিধানৰ ৩২ অনুচ্ছেদে উচ্চতম ন্যায়ালয়ত মৃত্যুদণ্ডৰ ৰায় দিয়া গোচৰত শাস্তি ঘোষণাৰ পৰ্যায় পুনৰ মুকলি কৰাৰ ক্ষমতা দিছে।

২০১৭ চনত উচ্চতম ন্যায়ালয়ে এটি ৪ বছৰীয়া কন্যা শিশুৰ বলাৎকাৰ আৰু হত্যাত দোষী সাব্যস্ত বসন্ত সম্পট দুপাৰেৰ মৃত্যুদণ্ডক সমর্থন কৰিছিল। এতিয়া ন্যায়ালয়ে তেওঁৰ শাস্তিৰ বিষয়ত নতুন শুনানিৰ নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ, সঞ্জয় কেৰল আৰু সন্দীপ মেহতাৰ পীঠে অলপতে এখন ৰীট আৱেদনৰ সন্দর্ভত এই নির্দেশ দিয়ে।

Share This