চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, উচ্চ শিক্ষাৰ অৰ্হতা থাকিলেই কোনো প্রার্থী সেই পদৰ যোগ্য হ'ব নোৱাৰে

dainik janambhumi April 22, 2026

ডিজিটেল ডেস্ক: উচ্চতম ন্যায়ালয়ে কালি চৰকাৰী চাকৰি আৰু ভর্তি প্রক্রিয়াক লৈ এক অতি গুৰুত্বপূৰ্ণ তথা সুদূৰপ্ৰসাৰী ৰায় দিয়ে। উচ্চতম ন্যায়ালয়ে এই কথা স্পষ্ট কৰি দিয়ে যে চৰকাৰী চাকৰিৰ বাবে কেৱল উচ্চ শৈক্ষিক অৰ্হতা থাকিলেই কোনো প্রার্থী সেই পদৰ বাবে যোগ্য নহ'ব, যদিহে পদটোৰ বাবে নিৰ্ধাৰিত অনিবার্য অভিজ্ঞতাৰ চৰ্ত পূৰণ নকৰে। 

ন্যায়াধীশ জে কে মাহেশ্বৰী আৰু ন্যায়াধীশ এ এছ চন্দুকাৰক লৈ গঠিত উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে কালি এই ৰায় দিয়ে। হিমাচল প্রদেশ স্কুল শিক্ষা ব'ৰ্ডত কম্পিউটাৰ ইঞ্জিনীয়াৰ পদত হোৱা এটা নিযুক্তি বাতিল কৰি উচ্চতম ন্যায়ালয়ে কালি দিয়া ৰায়টোত এইদৰে কয়। আদালতে কয় যে এই পদটোৰ নিযুক্তিৰ প্ৰক্ৰিয়াটোত নিয়ম উলংঘা কৰা হৈছিল যিটো আইনীভাৱে গ্রহণযোগ্য নহয়। 

উচ্চতম ন্যায়ালয়ে ৰায়টোত অনিবার্য যোগ্যতা আৰু অগ্রাধিকাৰপ্ৰাপ্ত অৰ্হতাৰ মাজত স্পষ্ট ব্যৱধান কৰা বুলি উল্লেখ কৰে। আদালতে ৰায়টোত কয় যে কেৱল উচ্চ শিক্ষাৰ ডিগ্ৰী থাকিলেই এজন প্রার্থী 'অন্যথা যোগ্য' (আডাৰৱাইজ ইলিজিব্ল) হ'ব নোৱাৰে যদিহে তেওঁ অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰে। এনে কৰাটো ন্যূনতম অৰ্হতাৰ স্থান অগ্ৰাধিকাৰপ্ৰাপ্ত অৰ্হতাই ল'ব, যিটো নিয়মৰ পৰিপন্থী। নিযুক্তিৰ প্ৰক্ৰিয়া ইচ্ছাকৃতভাৱে সলনি কৰাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি বিচাৰপীঠে কয় যে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছত মাজতে ইয়াৰ নিয়ম সলনি কৰিব নোৱাৰে। নিয়ম আৰু ন্যায়িক বিবেচনাৰ সীমাক অৱহেলা কৰাৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্রহণ কৰে উচ্চতম ন্যায়ালয়ে। 

উল্লেখযোগ্য যে হিমাচল প্রদেশ স্কুল শিক্ষ ব'ৰ্ডৰ উক্ত পদটোৰ বাবে পাঁচ বছৰৰ অভিজ্ঞতাৰ প্ৰয়োজন আছিল, কিন্তু উক্ত প্রার্থীজনক নিযুক্তি দিয়াৰ সময়ত তেওঁ অভিজ্ঞতা মাত্র এবছৰৰহে আছিল। ৰায়টোত উচ্চতম ন্যায়ালয়ে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে ৰাজহুৱা নিযুক্তিৰ ক্ষেত্ৰত যেতিয়ালৈকে নিযুক্তি সম্পূৰ্ণৰূপে স্পষ্ট আৰু সন্দেহজনক নহয় তেতিয়ালৈকে ন্যায়ালয়ে ইয়াত হস্তক্ষেপ নকৰে। আদালতে কয়, 'য'ত নিযুক্তি প্রক্রিয়াই ত্রুটীপূর্ণ, তাত উপযুক্ত পথটো হ'ল কোনো বিশেষ প্রার্থীক নিযুক্তিৰ নিৰ্দেশ দিয়াতকৈ এই নিযুক্তি বাতিল কৰাটো।'

Share This