ডিজিটেল ডেস্ক : শ্রেয়াস আয়াৰে কেইদিনমান আগেয়ে ফিটনেছ পৰীক্ষা দিয়াৰ পাছত এইবাৰ হার্দিক পাণ্ডিয়াৰ পাল। ৯ ছেপ্টেম্বৰত আৰম্ভ হ'ব এছিয়া কাপ। ইয়াৰ পূৰ্বে ভাৰতীয় দলে ফিটনেছৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। হার্দিকৰ লগতে ভাৰতৰ টি-২০ দলৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱৰ ফিটনেছক লৈও সন্দেহৰ সৃষ্টি হৈছে।
যোৱা জুনত জার্মানিৰ মিউনিকত সূৰ্যকুমাৰৰ হার্নিয়াৰ অস্ত্রোপচাৰ হৈছিল। তেওঁ এতিয়াও সম্পূর্ণ সুস্থ হৈ উঠা নাই। বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্রিকেট একাডেমিত আছে সূর্যকুমাৰ। জানিব পৰা মতে, ভাৰতীয় অধিনায়কগৰাকী অন্ততঃ আৰু এসপ্তাহ বেংগালুৰু একাডেমিত থাকিব লাগিব। তাত চিকিৎসকৰ দলে তেওঁক নিৰীক্ষণ কৰি আছে।
হার্দিক আৰু সূৰ্য কুমাৰ এতিয়াও সম্পূর্ণ সুস্থ হৈ উঠা নাই বাবেই এছিয়া কাপৰ বাবে দল নির্বাচন কৰিবলৈ সক্ষম হোৱা নাই ভাৰতে। অহা ৯ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ ইউ এ ইত হ'ব এছিয়া কাপ। এইবাৰৰ এছিয়া কাপত ভাৰত আৰু পাকিস্তানক একেটা গ্রুপতে স্থান দিয়া হৈছে। ১৪ ছেপ্টেম্বৰত দুয়োটা দল মুখামুখি হ'ব।