ডিজিটেল ডেস্ক : আই পি এল আৰম্ভ হোৱাৰ আগদিনা ভাৰতৰ ছিনিয়ৰ দলৰ হৈ খেলাৰ যোগ্যতা অর্জন কৰিলে বৈভৱ সূর্যবংশীয়ে। দীর্ঘ দিন ধৰি ১৯ বছৰ অনূর্ধ্ব বা ইণ্ডিয়া 'এ' দলৰ হৈ খেলিবলৈ বৈভৱে ছিনিয়ৰ দলক প্রতিনিধিত্ব কৰিব পৰা নাছিল। এইবাৰ বিহাৰৰ বেটিং চাঞ্চল্য বৈভৱে গৌতম গম্ভীৰৰ দলৰ ড্ৰেছিং ৰূমত প্রৱেশ কৰিবলৈ পাৰপত্ৰ লাভ কৰিলে। শুকুৰবাৰে ১৫ বছৰ পূৰ্ণ কৰে বৈভৱে।
তেনেদৰেই ভাৰতীয় দলত খেলাৰ বাবে তেওঁ কোনো বাধাৰ সন্মুখীন নহ'ব। অজিত আগাৰকাৰ নেতৃত্বাধীন নির্বাচক সমিতিয়ে এতিয়া ইচ্ছা কৰিলে বৈভৱক সূর্যকুমাৰ যাদব অথবা শুভমন গীলৰ নেতৃত্বৰ দলৰ নির্বাচিত কৰিব পাৰিব। আন্তর্জাতিক ক্ৰিকেট সন্থাৰ (আই চি চি) ২০২০ চনৰ নিয়ম অনুযায়ী ১৫ বছৰ বয়স নোহোৱা পর্যন্ত ছিনিয়ৰ দলক প্রতিনিধিত্ব কৰিব নোৱাৰি। সেয়ে, ইমান দিনে বৈভৱক ভাৰতীয় দললৈ নিৰ্বাচন কৰাৰ সুযোগ পোৱা নাছিল। ভাৰতৰ হৈ খেলা সবাতোকৈ কম বয়সীয়া খেলুৱৈগৰাকী হ'ল শচীন টেণ্ডুলকাৰ। শচীনে ১৬ বছৰ ২০৫ দিন বয়সত টেষ্টত অভিষেক ঘটাইছিল। ভাৰতীয় দলত খেলাৰ পাৰপত্ৰ লাভ কৰিলে শচীনৰ ৰেকৰ্ড ভঙাৰ সুযোগ পাব বৈভৱে। সবাতোকৈ কম বয়সত আন্তর্জাতিক ক্রিকেট খেলাৰ অভিলেখ আছে পাকিস্তানৰ হাছান ৰানাৰ নামত।
১৯৯৬ চনত ১৪ বছৰ ২২৭ দিনত টেষ্ট অভিষেক ঘটিছিল হাছানৰ। তেওঁৰ এই অভিলেখ ভাঙিব নোৱাৰিব বৈভৱে। ইয়াৰ উপৰি আই চি চি চিৰ নিয়ম পৰিৱৰ্তন নহ'লে হাছানৰ এই বিশ্ব ৰেকর্ড ব্যাহত হৈ থাকিব। আনহাতে, ছিনিয়ৰ ক্ৰিকেটৰ সৈতে খেলাৰ যথেষ্ট অভিজ্ঞতা আছে বৈভৱৰ। আই পি এল, ৰঞ্জি ট্ৰফী, বিজয় হাজাৰে ট্ৰফি, ছৈয়দ মুক্তাক আলী ট্রফীত খেলিছে বৈভৱে। কাৰণ ঘৰুৱা ক্রিকেটত আই চি চি চিৰ এই নিয়ম প্রযোজ্য নহয়।