১৮-২১ ডিচেম্বৰলৈ বন্ধ শ্বহীদ স্মাৰক ক্ষেত্ৰ

dainik janambhumi December 16, 2025

ডিজিটেল ডেস্ক: গুৱাহাটীৰ বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ অহা ১৮ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈকে কিছু যাৱতীয় কাম-কাজ কৰাৰ বাবে চাৰি দিন ৰাইজৰ বাবে বন্ধ থাকিব। 

এই কথা সদৰী কৰিছে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে। কালি প্ৰাধিকৰণৰ জনসম্পৰ্কৰক্ষী বিষয়া সনাতন দাসে শ্বহীদ স্মাৰকক্ষেত্ৰ বন্ধ হৈ থাকিবলগীয়া এই সময়ছোৱাত ৰাইজৰ সহযোগিতা কামনা কৰে।

Share This