ডিজিটেল ডেস্ক : ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা প্রশাসনৰ লগতে সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্র সম্মিলন, সদৌ অসম মটক মহিলা পৰিষদ, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম মটক ছাত্র সন্থা, মটক ৰাজবংশ উন্নয়ন সমিতি আৰু মক স্বায়ত্তশাসিত পৰিষদৰ সহযোগত বালিজান জনপ্রিয় যুব সংঘ, বালিজান নহৰনি জনকল্যাণ সংঘ, দ্বীপজ্যোতি সংঘ, অগ্রদূত সংঘ আৰু বেতিয়নী প্রগতি সংঘৰ আতিথ্যত বীৰপুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় ক্ষেত্ৰ, ভগীৰথ গোহাঁই সোঁৱৰণী মণ্ডপত কালিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ২২৪ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস অনুষ্ঠিত হৈছে।
অদম্য সাহস, বীৰত্বৰ প্ৰতীক, মটক ৰাজ্যৰ সৰ্বশ্রেষ্ঠ ৰজা সৰ্বানন্দ সিংহ। বেংমৰা অৰ্থাৎ বৰ্তমানৰ তিনিচুকীয়া জিলাত ৰাজধানী পাতি নিজকে স্বাধীন ৰজা হিচাপে ঘোষণা কৰি প্ৰজা হিতকৰ কামেৰে এক গৌৰৱময় শাসনকালেৰে অসমৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ মাজত সমন্বয় ৰক্ষা কৰাৰ লগতে ৰাজ্যত জনকল্যাণমূলক কাম সমাধা কৰিছিল মটক ৰজা সৰ্বানন্দ সিংহই। স্বৰ্গদেউ সর্বানন্দ সিংহৰ কালি পবিত্র মৃত্যু তিথিত পুৱাৰ ভাগতে ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হয়। ধৰ্মধ্বজা উত্তোলন কৰে গাঁওবুঢ়া বুদ্ধিমান সন্দিকৈয়ে। স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অর্পণৰ শুভাৰম্ভ কৰে মটক ৰাজবংশ উন্নয়ন সমিতিৰ কাৰ্যকৰী সভাপতি বৈকুণ্ঠ গোহাঁয়ে। ইয়াৰ পাছত আৰ্হি নামঘৰৰ দুৱাৰ মুকলি কৰে গাঁওবুঢ়া ভদ্রেশ্বৰ চাংমায়ে। নামঘৰত ভাগৱত পাঠ আৰু গায়ন বায়নেৰে এক মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা বক্তৃতা আৰু চিত্রাংকণ প্রতিযোগিতা অনুষ্ঠিত হয়। ৰচনাৰ বিষয় আছিল স্বৰ্গদেউ সর্বানন্দ সিংহ কৃতী আৰু কৃতিত্ব, একেদৰে বক্তৃতাৰ বিষয় আছিল মটক জনগোষ্ঠীৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ। প্রতিযোগিতাত শতাধিক ছাত্র-ছাত্রীয়ে অংশগ্ৰহণ কৰে।
ইফালে সাংস্কৃতিক প্রতিযোগিতাৰ মঞ্চ মুকলি কৰে তিনিচুকীয়া জিলা পৰিষদৰ সদস্য দিগন্ত শইকীয়াই। নিশা স্থানীয় শিল্পীসকলৰ দ্বাৰা এক বাৰেৰহণীয়া অনুষ্ঠান অনুষ্ঠিত হয়। আনহাতে, ২৫ মে'ত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা মুকলি কৰিব মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেভিদ চেতিয়াই। সভাত মুখ্য অতিথি হিচাপে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে অংশ ল'ব। সভাত অসমৰ ভালেকেইটা জনগোষ্ঠী সংগঠনৰ নেতৃবৃন্দই অংশ লোৱাৰ কথা। মুকলি সভাত নির্দিষ্ট বক্তা হিচাপে চাবুৱা ডি ডি আৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° ননীৰূপা চেতিয়াই বক্তব্য আগবঢ়াব বুলি অভ্যর্থনা সমিতিয়ে জানিবলৈ দিছে।