আপোনাৰ ঘৰৰ ছুইচ ব’ৰ্ডবোৰ লেতেৰা হৈছে নেকি ? তেন্তে অনুসৰণ কৰক এই উপায়

Kakali Deka July 06, 2025

ডিজিটেল ডেস্কঃ আজিকালি সকলোৱে ঘৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিয়ে। প্ৰতিদিনে বা সপ্তাহত যেতিয়াই সময় পাই তেতিয়াই ঘৰৰ প্ৰতিটো বস্তু চাফা কৰা হয়। কিন্তু ছুইচ ব’ৰ্ড চাফা কৰাৰ পৰা বিৰত থাকে। 

বহুদিন চাফা নকৰাৰ বাবে ই অতি লেতেৰা হৈ পৰে । যদি আপুনিও ছুইচ ব’ৰ্ডৰ ৰক্ষণাবেক্ষণৰ প্ৰতি গুৰুত্ব নিদিয়ে আৰু আপোনাৰ ঘৰৰ ব’ৰ্ডখনতো ক'লা দাগ পৰে, তেন্তে আমি আপোনাক এনে কিছুমান প্ৰতিকাৰৰ কথা আলোচনা কৰিম, যাৰ দ্বাৰা আপোনাৰ ঘৰৰ ব’ৰ্ডখন মাত্ৰ ৫ মিনিটৰ ভিতৰতে নতুন যেন দেখাবলৈ আৰম্ভ কৰিব...

ছুইচ ব’ৰ্ড পৰিষ্কাৰ কৰাৰ আগতে এই কামটো কৰক

যদি আপুনি ক'লা আৰু লেতেৰা ছুইচ ব’ৰ্ডখন চাফা কৰাৰ পৰিকল্পনা কৰিছে¸ তেন্তে প্ৰথমে ঘৰৰ বিদ্যুৎ কৰ্তন কৰক অৰ্থাৎ পাৱাৰ চাপ্লাই বন্ধ কৰক। এই বিষয়ে ঘৰৰ আন সদস্যসকলক জনাওক, নহ’লে কাম কৰি থাকোঁতে যদি কোনোবাই ভুলতে বিদ্যুৎ সক্ৰিয় কৰে, তেতিয়া বিদ্যুৎস্পৃষ্ট হোৱাৰ আশংকা আছে। গতিকে চাফা কৰাৰ আগতে এইটো অতি গুৰুত্বপূৰ্ণ হৈ পৰে।

টুথপেষ্টেৰে ছুইচ ব’ৰ্ডখন জিলিকাব পাৰে

যদি আপুনি ভাবে যে টুথপেষ্টেৰে দাঁত পৰিষ্কাৰ কৰাৰ বাহিৰে আন কোনো কাম নাই, তেন্তে আপোনাৰ ধাৰণা ভুল। কাৰণ ছুইচ ব’ৰ্ড পৰিষ্কাৰ কৰাত টুথপেষ্ট অতি উপযোগী । আপোনাৰ ঘৰৰ ক’লা হৈ পৰা ছুইচ ব’ৰ্ডখন টুথপেষ্টেৰে পৰিষ্কাৰ কৰক। ই ফলকবোৰৰ পৰা দাগবোৰ আঁতৰাই জিলিকি উঠিব।

এইদৰে ছুইচ ব’ৰ্ড পৰিষ্কাৰ কৰক

ছুইচ ব’ৰ্ড চাফা কৰাৰ আগতে এটা পাত্ৰ লওক।
এই পাত্ৰটোত ৩-৪ চামুচ টুথপেষ্ট আৰু ২ চামুচ বেকিং ছ’ডা মিহলাই লওক।
এতিয়া কেইটোপালমান পানী দি ভালদৰে মিহলাই লওক।
এই পেষ্টটো ছুইচ ব’ৰ্ডত লগাই প্ৰায় ১০ মিনিটমান ৰাখিব।
১০ মিনিটৰ পাছত ছুইচ ব’ৰ্ডখন টুথব্ৰাছ বা চাফাই ব্ৰাছেৰে ভালদৰে পৰিষ্কাৰ কৰিব লাগে।
তাৰ পাছত কাপোৰেৰে মচি দিব।
আপোনাৰ বৈদ্যুতিক ছুইচ ব’ৰ্ড জিলিকিবলৈ আৰম্ভ কৰিব।

Share This