ডিজিটেল ডেস্ক : ভাৰত আৰু ছুইজাৰলেণ্ডৰ মাজৰ সম্পৰ্কক অধিক শক্তিশালী কৰাৰ বাবে কালি দুয়োখন দেশে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। ভাৰত ভ্ৰমণলৈ অহা ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গায় পাৰ্মেলিন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত হোৱা আলোচনাৰ সময়ত এই সিদ্ধান্ত লোৱা হয়। ইয়াৰ হায়দৰাবাদ হাউছত অনুষ্ঠিত হোৱা নেতা দুজনৰ বৈঠকত বিনিয়োগ, সংস্থাপন, ৰপ্তানি, যুৱ প্রজন্ম, ইলেক্ট্রিক বাহন, আন্তঃগাঁথনি, গৱেষণা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিত বিশেষভাৱে গুৰুত্ব দিয়া হয়।
বিদেশ মন্ত্ৰ্যালয়ৰ সচিব চি বি জর্জে কয় যে ভাৰত আৰু ছুইজাৰলেণ্ডৰ মাজৰ সম্পৰ্কৰ মূল ভেটি হ'ল ইউৰোপৰ সৈতে কৰা মুক্ত বাণিজ্য চুক্তি আৰু অৰ্থনৈতিক সহযোগিতা চুক্তি। ইয়াৰ অধীনত অহা ১৫ বছৰত ভাৰতত ১০০০০ কোটি ডলাৰ বিনিয়োগ কৰা হ'ব আৰু ইয়াৰ জৰিয়তে প্রায় ১০ লাখ প্রত্যক্ষ চাকৰিৰ সৃষ্টি হ'ব। ইয়াৰ লগতে দুয়োখন দেশৰ যুৱ পেছাদাৰীৰ বাবে নতুন সুযোগ সৃষ্টি কৰা আৰু প্রযুক্তি তথা গৱেষণাত সহযোগিতা বৃদ্ধি কৰাৰ বাবে ছটা গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি মাইগ্ৰেশ্যন আৰু মবিলিটি পার্টনাৰশ্বিপ চুক্তিৰ অধীনত ৫ বছৰলৈকে মাল্টিপল এন্ট্রি ভিছাৰ ব্যৱস্থা, ছাত্ৰ-ছাত্ৰীৰ বাবে এবছৰীয়া পুনৰ নবীকৰণযোগ্য পার্মিটৰ সুবিধা, যুৱক-যুৱতীৰ বাবে সংস্থাপনৰ উন্নত সুবিধা কৰা হ'ব। ইয়াৰ উপৰি দুয়োখন দেশে প্রতি বছৰে ৩০০ যুৱ পেছাদাৰীৰ আদান-প্রদান কৰিব। ইয়াৰ বাবে য়ং প্রফেশ্যনলে স্কীমৰ অধীনত চুক্তিত স্বাক্ষৰ কৰা হয়। পাছলৈ ইয়াৰ সংখ্যা ৫০০লৈ বৃদ্ধি কৰা হ'ব পাৰে।
দুয়োখন দেশে পৰিবহণ প্রযুক্তি, মবিলিটি ছিষ্টেম, সুৰংগ আৰু পৰিবহণৰ আন্তঃগাঁথনিত সহযোগিতা বৃদ্ধিৰ বাবে চুক্তিত স্বাক্ষৰ কৰে। ইয়াত ইলেকট্রিক বাহন, ৰ'পৱে, চাকুলাৰ ইক'নমী, সুৰংগ তথা পৰিবহণ আন্তঃগাঁথনি বিশেষভাৱে চামিল কৰা হৈছে। ইয়াৰ লগতে দুয়োখন দেশৰ মাজত বৈজ্ঞানিক সহযোগিতা বৃদ্ধি তথা ষ্টার্ট আপ আৰু প্ৰযুক্তি হস্তান্তৰৰ চুক্তিতো স্বাক্ষৰ কৰা হয়। ইফালে ভাৰত-ছুইজাৰলেণ্ড 'ৰিছাৰ্চ ফ্লোগশ্বিপ' আৰম্ভ কৰা হৈছে। দুয়োখন দেশে প্ৰতিৰক্ষা তথা পাৰমাণৱিক শক্তি খণ্ডত সহযোগিতা বৃদ্ধি কৰাটো সন্মতি জনায়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে দুয়োখন দেশৰ মাজৰ সম্পৰ্কত উদ্ভাৱন, আন্তঃগাঁথনি, উন্নত প্রযুক্তি গুৰুত্বপূৰ্ণ স্তম্ভ। তেওঁ কয় যে ভাৰতৰ কৃষি, ফার্মা, বস্ত্ৰ আৰু অভিযান্ত্রিক উৎপাদনসমুহ ছুইজাৰলেণ্ডৰ বজাৰলৈ নিয়া তথা ভাৰতত বায় 'টেক, লাইফ ছায়েন্সেজ, বেংকিং, বীমা, খাদ্য প্ৰস্তুতকৰণৰ দৰে খণ্ডসমূহত ছুইজাৰলেণ্ডৰ বিনিয়োগ বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্রধানমন্ত্রীয়ে লগতে প্রকাশ কৰা যে ভাৰতত বিনিয়োগৰ বাবে ছুইজাৰলেণ্ডৰ আন্তঃগাঁথনি খণ্ডৰ কোম্পানীসমূহক নিমন্ত্রণ জনোৱা হৈছে।