সংবিধানৰ পৰা 'ইণ্ডিয়া' শব্দ বাতিলৰ দাবী বিজেপি সাংসদৰ

Ankita Sonowal July 28, 2023

ডিজিটেল ডেস্কঃ বিৰোধী মিত্ৰজোঁটে নিজকে INDIA বুলি নামকৰণ কৰাৰ লগে লগে দেশৰ ৰাজনৈতিক মহলত। মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে, আৰু যাৰ প্ৰভাৱ শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ মজিয়াতো বিদ্যমান।শেহতীয়াকৈ  উত্তৰাখণ্ডৰ বিজেপিৰ ৰাজ্যসভাৰ সাংসদ নৰেশ বাঞ্চালে ইণ্ডিয়া শব্দটো দেশৰ সংবিধানৰ পৰা বাতিল কৰিবলৈ দাবী জনাইছে, ‘ভাৰত’ৰ প্ৰকৃত নামটোৰ ঠাইত ইণ্ডিয়া শব্দটো ঔপনিৱেশিকভাৱে জাপি দিয়া বুলি তেওঁ দাবী কৰিছে। বিজেপি সাংসদগৰাকীয়ে কয় যে ইণ্ডিয়া নামটো আমাৰ দেশত এতিয়াও বহন কৰা দাসত্বৰ প্ৰতীক আৰু ইয়াক একেলগে আঁতৰাই পেলাব লাগে।

ইতিমধ্যে বহু বিজেপি নেতাই এই বিষয়টোক ভাৰত আৰু ইণ্ডিয়াৰ সংঘৰ্ষ বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। বাঞ্চালৰ পূৰ্বে বিজেপিৰ জ্যেষ্ঠ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও ২০২৪ চনৰ লোকসভা নিৰ্বাচনক ভাৰত আৰু ইণ্ডিয়াৰ মাজত শ্ব’ডাউন বুলি ঘোষণা কৰিছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে মণিপুৰৰ পৰিস্থিতিৰ ওপৰত বিতৰ্কৰ দাবীক লৈ কংগ্ৰেছৰ সাংসদৰ নেতৃত্বত বিৰোধী দলৰ সদস্যই ৰাজ্যসভাৰ কাৰ্যবিধিৰ পৰা ওলাই আহিছিল।

ইপিনে বহুতে প্ৰশ্ন কৰিছে যে যদি প্ৰকৃততে ইণ্ডিয়া শব্দটো দাসত্বৰ চিহ্ন তেন্তে সাংসদজনে প্ৰতিনিধিত্ব কৰা বিজেপি দলৰেই নেতা আৰু দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰণয়ন কৰা বহু আঁচনি বা কাৰ্যক্ৰমৰ নামত ইণ্ডিয়া নামটো কিয় ৰাখিছে?যেনে- মেক ইন ইণ্ডিয়া,ডিজিটেল ইণ্ডিয়া আদি শব্দ৷

Share This