ডিজিটেল ডেস্ক: ভাৰতৰ টি-২০ ক্রিকেটত সূর্যকুমাৰ যাদৱৰ যুগৰ কালি অৱসান ঘটে। কালি আয়াৰলেণ্ড-ইংলেণ্ড ভ্ৰমণৰ লগতে এছিয়ান গেমছৰ বাবে ঘোষণা কৰা ভাৰতীয় টি-২০ দলৰ পৰা দীর্ঘদিন ফর্মত নথকা সূর্যকুমাৰ যাদৱৰ স্থানত শ্রেয়াষ আয়াৰক নতুন অধিনায়কৰূপে নিযুক্ত কৰে।
কালি এখন সংবাদমেলত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ সচিব দেৱজিৎ লন শইকীয়াই মুখ্য নির্বাচক অজিত আগাৰকাৰৰ উপস্থিতিত টি-২০ দল দুটাৰ লগতে আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ দল ঘোষণা কৰে। নির্বাচকমণ্ডলীয়ে ভৱিষ্যতৰ প্রতি লক্ষ্য ৰাখি টি-২০ দল দুটা বাছনি কৰাটো স্পষ্ট হৈ পৰে। নির্বাচকমণ্ডলীয়ে ঘোষণা কৰা দল দুটাৰ উল্লেখযোগ্য দিশটো আছিল টি-২০ বিশ্বকাপ বিজয়ী দলটোৰ অধিনায়ক সূর্যকুমাৰ যাদৱৰ অপসাৰণ। তেওঁৰ স্থানত শ্রেয়াষ আয়াৰক ভাৰতীয় টি-২০ দলৰ নতুন অধিনায়ক নিযুক্ত কৰা হৈছে। দীর্ঘদিন ফর্মত নথকা সূর্যকুমাৰক আনকি দলৰ পৰাও বাদ দিয়া হয়।
উল্লেখযোগ্য যে টি-২০ বিশ্ব কাপৰ পাছত আয়াৰলেণ্ডত ভাৰতে প্রথম শৃংখলা খেলিব। সূর্যকুমাৰৰ উপৰি কুলদীপ যাদৱ আৰু ৰিংকু সিঙকো দলৰ পৰা বাদ দিয়া হৈছে। ৰিংকুও দীর্ঘদিন ফর্মত নাই। আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্রমণত ভাৰতীয় বলিং আক্ৰমণৰ নেতৃত্ব দিব মহম্মদ ছিৰাজে। দুয়োটা শৃংখলাত যশপ্রীত বুমৰাহ আৰু হার্দিক পাণ্ডিয়াক বিশ্রাম দিয়া হৈছে। এছিয়ান গেমছৰ দলটোত ছিৰাজৰ স্থানত বুমৰাহক লোৱা হৈছে।
আগাৰকাৰে কয় যে হার্দিকক বোজা পাতলোৱাৰ বাবে জিৰণিহে দিয়া হৈছে দলৰ পৰা বাদ দিয়া হোৱা নাই। তেওঁক অহা বছৰ অনুষ্ঠিত হ'বলগীয়া এদিনীয়া বিশ্ব কাপৰ প্ৰতি লক্ষ্য ৰাখি বোজা পাতলোৱাৰ ব্যৱস্থা কৰা হৈছে, যাতে তেওঁ সম্পূর্ণৰূপে সুস্থ হৈ থাকে। ইফালে টেষ্ট দলৰ অধিনায়ক শুভমন গীলক টি-২০ দলত স্থান দিয়া হোৱা নাই। আগাৰকাৰে কয় যে দলত এজন অতিৰিক্ত উইকেটকীপাৰ লোৱাৰ বাবেই গীলক টি-২০ দলৰ পৰা বাদ দিয়া হয়।
আনহাতে, অক্ষৰ পেটেলৰ স্থানত তিলক বার্মাক টি-২০ দলৰ সহঃঅধিনায়কৰ দায়িত্ব দিয়া হৈছে। তেওঁক অহা দুবছৰৰ ক্ৰিকেট চক্ৰৰ প্ৰতি লক্ষ্য ৰাখি এই দায়িত্ব দিয়া হয়। ইফালে কালি আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ দলটোও ঘোষণা কৰা হয়। এদিনীয়া দলৰ অধিনায়ক পদত গীলকে ৰখা হৈছে। আনহাতে, আঘাতপ্রাপ্ত বিৰাট কোহলীক দলৰ পৰা বাদ দিয়া হৈছে। তেওঁৰ স্থানত যশস্বী জয়ছোৱালক লোৱা হৈছে। ৰোহিত শৰ্মাই দলত স্থান লাভ কৰিছে।