ডিজিটেল ডেস্ক : বাংলাদেশে টি-২০ বিশ্ব কাপ বৰ্জন কৰাৰ পাছত অধিকাংশ ক্রিকেট প্রেমীয়ে প্রতিযোগিতাখনত দর্শকৰ উপস্থিতিক লৈ চিন্তিত হৈছিল। একাংশই আশংকা কৰিছিল যে বাংলাদেশ অবিহনে বিশ্ব কাপত দৰ্শকৰ সংখ্যা হ্রাস পাব। পৃষ্ঠপোষক লোকচানৰ সন্মুখীন হ'ব। আই চি চিৰ বৃহৎ ক্ষতি হ'ব। পিছে এইবাৰৰ বিশ্ব কাপত দৰ্শকৰ সংখ্যাই অভিলেখ গঢ়িলে। আই চি চিৰ অধ্যক্ষ জয় শ্বাহে বৃহস্পতিবাৰে ছ'চিয়েল মিডিয়াত কয় যে কেৱল ভাৰততে চলিত বিশ্ব কাপ ইতিমধ্যেই ৫০ কোটি দর্শকে উপভোগ কৰিছে। বিশ্বজুৰি দৰ্শকৰ সংখ্যাই ৬০ কোটি অতিক্রম কৰিলে। এতিয়া এখন ছেমি ফাইনেল আৰু ফাইনেল বাকী আছে।
অধ্যক্ষ শ্বাহে কয় যে এইবাৰ এই প্রতিযোগিতাখনে নতুন উচ্চতাত আৰোহণ কৰিলে। দৰাচলতে ২০খন দেশে এইবাৰৰ বিশ্ব কাপত অংশ লৈছিল। ফলত বিশ্ব কাপৰ পৰিসৰ পূৰ্বতকৈ বৃদ্ধি পাইছে। পূৰ্বৰ তুলনাত মেচৰ সংখ্যাও বেছি। আন এটা কথা হ'ল চলিত প্রতিযোগিতাখনত একপক্ষীয় খেলৰ সংখ্যা বহু কম হৈছে। ফলত প্রতিযোগিতাখনে দর্শকক আকর্ষিত কৰিবলৈ সক্ষম হৈছে। তদুপৰি, এই প্রতিযোগিতাখনৰ পূর্বে উদ্ভৱ হোৱা বিভিন্ন বিতর্কয়ো হয়তো দর্শকক আকৰ্ষণ কৰাৰ কাৰণ হ'ব পাৰে।
আন এটা কথা মন কৰিব লগীয়া যে বাংলাদেশে বিশ্ব কাপ বর্জন কৰিলেও সেই দেশখনত বিশ্ব কাপৰ মেচ দেখুওৱা হৈছে। দৰ্শকৰ অভিলেখ উপস্থিতিৰ অৰ্থ হ'ল বাংলাদেশে নেখেলিলে যি আর্থিক লোকচানৰ কথা ভবা হৈছিল সেয়া ভুগিব লগীয়া হোৱা নাই। বৰঞ্চ সমগ্র বিতৰ্কৰ বাবে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে বাংলাদেশ।