টি-২০ বিশ্ব কাপ : সন্মুখত ৱেষ্ট ইণ্ডিজ, গুৰুত্বপূৰ্ণ হ'ব বলাৰৰ ভূমিকা আজি ভাৰতৰ বাবে অগ্নিপৰীক্ষা

dainik janambhumi March 01, 2026

ডিজিটেল ডেস্ক: ভাৰতে টি -২০ বিশ্ব কাপত আজি ৱেষ্ট ইণ্ডিজৰ সন্মুখীন হ'ব । ভাৰতে ছেমি ফাইনেলত স্থান নিশ্চিত কৰাৰ বাবে আজিৰ এই মেচখনত জয়ী হ'বই লাগিব। আন কথাত ভাৰতৰ বাবে এই মেচখন অগ্নিপৰীক্ষাৰ দৰে হৈ পৰিছে। এই মেচখনত ভাৰতৰ বলাৰসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব। 

সূর্য কুমাৰ যাদৱৰ নেতৃত্বত দলটোৰ বেটাৰসকল পূৰ্বৰ ছন্দলৈ ঘূৰি আহিছে যদিও প্রধান চিন্তাৰ কাৰণ গৈ আছে বলিং আক্রমণ। কোৱাৰ্টাৰ ফাইনেলৰ ৰূপ লোৱা ছুপাৰ এইটৰ এই মেচখনত ভাৰতীয় বলাৰসকলে উন্নত প্ৰদৰ্শন কৰিব লাগিব। 

উল্লেখযোগ্য যে ৱেষ্ট ইণ্ডিজৰ দক্ষিণ আফ্ৰিকাৰ হাতত পৰাজয় আৰু ভাৰতৰ জিম্বাবুৱেৰ বিৰুদ্ধে জয়ে দুয়ো দলৰ বাবে এই মেচখনৰ গুৰুত্ব বৃদ্ধি কৰে। আজিৰ মেচখনত জয়ী হোৱা দলটোৰ ছেমি ফাইনেলৰ পথ প্রশস্ত হৈ পৰিব। সেয়েহে, দুয়োটা দলৰ মাজত আজি ইডেন গার্ডেনত এখন প্রত্যাহবানমূলক খেল দেখা পোৱাৰ সম্ভাৱনা আছে। মেচখনত জয়ী হোৱা দলটোৱে ৫ মাৰ্চত
ইংলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেল খেলিব। 

উল্লেখযোগ্য যে জিম্বাবুৱেৰ বিৰুদ্ধে মেচখনত সঞ্জু ছেমছনসহ ভাৰতৰ শীৰ্ষ ক্ৰমৰ ছয়জন বেটাৰে দললৈ উপযোগী বৰঙনি আগবঢ়ায়। সঞ্জুৱে ২৪ ৰান কৰিলেও তেওঁ আৰম্ভণিৰ পৰাই আক্রমণাত্মক বেটিং কৰি আন বেটাৰসকলৰ ওপৰত ইতিবাচক প্রভাৱ পেলায়। সঞ্জুৰ বেটিঙত উৎসাহিত হৈ আগৰ কেউখন মেচত ব্যর্থ হোৱা অভিষেক শৰ্মাই মেচখনত অর্ধশতৰান কৰে। 

ইফালে, আজিৰ মেচখনত টীম মেনেজমেণ্টে বৰুণ চক্ৰৱৰ্তীক মূল একাদশত ৰাখে নে তেওঁৰ স্থানত স্পীনাৰ কুলদীপ যাদৱক দলত ৰাখে সেইটো চাবলগীয়া হ'ব। ইডেনৰ উইকেটত ঘাঁহ থকালৈ চাই ইয়াত যশপ্রীত বুমৰাহ, অৰ্শদীপ সিং আৰু হার্দিক পাণ্ডিয়াই কিছু সঁহাৰি লাভ কৰাৰ সম্ভাৱনা আছে। মেচখন আজি সন্ধিয়া সাত বজাৰ পৰা আৰম্ভ হ'ব।

Share This