সন্ত্ৰাসবাদীক লৈ পাকিস্তানৰ মুখা খুলিলে তাহাউৰে

dainik janambhumi July 08, 2025

ডিজিটেল ডেস্কঃ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰানাই মুম্বাই পুলিচক দিয়া স্বীকাৰোক্তিয়ে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সন্ত্রাসবাদীয়ে কৰা আক্ৰমণটোৰ সময়ত আক্ৰমণটোৰ মূল ষড়যন্ত্রকাৰী তাহাউৰে এই বুলি স্বীকাৰ কৰিছে যে তেওঁ পাকিস্তানী সেনাৰ এক বিশ্বস্ত এজেন্ট আছিল। আক্ৰমণটোৰ সময়ত তেওঁ মুম্বাইতে আছিল বুলি প্রকাশ কৰে।


দিল্লীৰ তিহাৰ কাৰগাৰত মুম্বাই পুলিচে কৰা জেৰাৰ সময়ত তাহাউৰে এই কথা স্বীকাৰ কৰে। ইণ্ডিয়া টুডে'ই প্রকাশ কৰা এটা বাতৰিত এই কথা কোৱা হৈছে। বাতৰিটোত উল্লেখ কৰা মৈতে তাহাউৰে মুম্বাই পুলিচৰ জেৰাত প্রকাশ কৰে যে তেওঁ আৰু তেওঁৰ বন্ধু ডেভিদ কলমেন হেডলীয়ে পাকিস্তানত লস্কৰ-এ-তৈয়বাৰ কেইবাটাও প্রশিক্ষণত অংশগ্ৰহণ কৰিছিল। ৰানাই লগতে এই কথাও প্রকাশ কৰে যে লস্কৰ-এ-তৈয়বাই প্রকৃততে এক চোৰাংচোৱাৰ নেটৱৰ্কৰ দৰে কাম কৰিছিল। ৰানাই মুম্বাই পুলিচৰ জেৰাত স্বীকাৰ কৰে যে মুম্বাইত ইমিগ্রেশ্যন চেণ্টাৰ খোলাৰ পৰিকল্পনা তেওঁৰ আছিল। ইয়াৰ উদ্দেশ্য আছিল যাতে মুম্বাইত আক্ৰমণৰ প্ৰস্তুতিৰ কাৰণে স্থান আৰু আন সুবিধা পোৱা যায়। এই ফার্মখনৰ বিত্তীয় লেনদেনক বাণিজ্যিক ব্যয় হিচাপে দেখুওৱা হৈছে। তেওঁ মুম্বাইৰ ছত্ৰপতি শিৱাজী টার্মিনাছকে ধৰি আন স্থানসমূহত আগতীয়াকৈ ভ্ৰমণ কৰি ইয়াৰ ৰেহৰূপ চাই গৈছিল।

আক্ৰমণটোৰ ষড়যন্ত্রত তেৰোঁ জড়িত আছিল বুলিও জেৰাত স্বীকাৰ কৰে। ৰানাই স্বীকাৰ কৰে যে মুম্বাইত পাকিস্তানী সেনাৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সহযোগত আক্ৰমণ কৰা হৈছিল। আনহাতে, পাৰস্য উপসাগৰীয় যুদ্ধৰ সময়ত তেওঁক পাকিস্তানী সেনাই ছৌডি আৰবলৈ প্ৰেৰণ কৰা বুলিও প্রকাশ কৰে ৰানাই। উল্লেখযোগ্য যে হেডলী মুম্বাই আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী আছিল আৰু ষড়যন্ত্ৰ ৰচনা কৰাত তেওঁক ৰানাই সহযোগ কৰিছিল। ৬৪ বছৰীয়া ৰানা পাকিস্তানী মূলৰ কানাডাৰ নাগৰিক। ২০০৯ চনত ৰানাক আমেৰিকাৰ ছিকাগোৰ পৰা এফ বি আয়ে গ্ৰেপ্তাৰ কৰে আৰু যোৱা ১০ এপ্রিলত তেওঁক আমেৰিকাৰ পৰা ভাৰতলৈ অনা হয়। ৰানা বৰ্তমান নিয়াৰ জিম্মাত আছে।

Share This