ডিজিটেল ডেস্ক : মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰানাক আমেৰিকাৰ পৰা বিশেষ বিমানযোগে ভাৰতলৈ অনা হৈছে। সন্ত্রাসবাদীটোক লৈ অহা বিমানে বুধবাৰে শেষ নিশা ভাগত দিল্লীত অৱতৰণ কৰে। উল্লেখযোগ্য যে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে সোমবাৰে সন্ত্রাসবাদীটোৱে জনোৱা আবেদন খাৰিজ কৰে। ৰানাই ভাৰতলৈ প্ৰত্যর্পণত বাধা দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। ন্যায়ালয়ে আৱেদন খাৰিজ কৰাৰ পাছত সন্ত্রাসবাদীটোৰ ভাৰতলৈ প্ৰত্যর্পণৰ পথ প্রশস্ত হৈ পৰে।
উল্লেখযোগ্য যে তাহাউৰ ৰাণা কুখ্যাত সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-টয়বাৰ সদস্য। সন্ত্রাসবাদীটো ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী আছিল। সন্ত্রাসবাদীটো ভাৰতত উপস্থিত হোৱাৰ পাছত পাটিয়ালা হাউছস্থিত বিশেষ ৰাষ্ট্ৰীয় তদন্তকাৰী এজেঞ্চিৰ (নিয়া) আদালতলৈ নিয়া হ'ব। নিয়াই জেৰাৰ বাবে আদালতত সন্ত্রাসবাদীটো নিজৰ জিম্মাত বিচাৰিব। ইফালে সন্ত্রাসবাদীটোৰ প্ৰত্যর্পণৰ প্ৰতি লক্ষ্য ৰাখি তিহাৰ কাৰাগাৰ আৰু নিয়াৰ মুখ্য কাৰ্যালয়ত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। তাহাউৰ ৰাণাক ভাৰতলৈ অনাৰ সময়তে আজি কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ, বিদেশ মন্ত্রী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল এখন বৈঠকত মিলিত হয়। তেওঁলোকৰ মাজৰ আলোচনা প্রায় ২২ মিনিট ধৰি চলে। বৈঠকত তাহাউৰ ৰাণাৰ প্ৰত্যর্পণ আৰু ইয়াৰ সৈতে কৌশলগত দিশসমূহৰ বিষয়ে আলোচনা কৰা হয়।
উল্লেখযোগ্য যে তাহাউৰ ৰাণাক ভাৰতলৈ অনাৰ সমগ্ৰ প্ৰক্ৰিয়াটো ডোভালে প্রত্যক্ষভাৱে নিৰীক্ষণ কৰি আছে। ইফালে সন্ত্রাসবাদীটোৰ ফাঁচিৰ দাবী কৰিছে মুম্বাই আক্রমণত নিহত হোৱা শ্বহীদৰ পৰিয়ালৰ লোকে । ২০০৮ চনত হোৱা আক্ৰমণটোত নিহত হোৱা এছ আৰ পি এফৰ জোৱান ৰাহুল সিন্দেৰ পিতৃ সুভষ সিন্দেই কয়, '১৬৬জন লোকক হত্যা কৰা আক্ৰমণটোৰ সকলো অভিযুক্তকে অতি কঠোৰ শাস্তি দিয়াটো আক্ৰমণত নিহত হোৱা আৰক্ষী বিষয়া আৰু নাগৰিকৰ বাবে এক প্রকৃত শ্রদ্ধাঞ্জলি হ'ব।'