এসময়ত পাক সেনাৰ চিকিৎসক ৰাণাই কানাডাত মাংসৰ ব্যৱসায়ো কৰিছিল

dainik janambhumi April 13, 2025

ডিজিটেল ডেস্ক : ২৬/১১ মুম্বাই সন্ত্রাসবাদী আক্ৰমণৰ মূল অভিযুক্ত তাহাউৰ ৰাণাক ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই (নিয়া) শুকুৰবাৰৰ পৰা জেৰা কৰা আৰম্ভ কৰিছে। নিয়াৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, প্ৰথম দিনৰ জেৰাত ৰাণাই নিয়াৰ লগতে বহু সময় সহযোগিতা নকৰিবলৈ আৰু মাত্র কেইটামান সীমিত তথ্যহে প্রকাশ কৰিলে। তাহাউৰে জেৰাৰ সময়ত প্ৰাৰম্ভিকভাৱে প্ৰকাশ কৰা অনুসৰি, তেওঁ পাকিস্তানৰ পঞ্জাব প্রদেশৰ ছিচাৱন্তী নামৰ এখন গাঁৱৰ লোক। ৰাণাৰ পিতৃ এখন বিদ্যালয়ৰ অধ্যক্ষ আছিল আৰু ৰাণাৰ পিতৃৰ তিনিজন পুত্ৰৰ ভিতৰত এজন পাকিস্তানী সেনাত চিকিৎসক হিচাপে কৰ্মৰত আৰু আন এজন সাংবাদিক। 

তাহাউৰ ৰাণা নিজেই কেডেট কলেজ হাছনাবদলত কৰ্মৰত আছিল আৰু তেতিয়াই ডেভিদ কোলমেন হেডলীৰ লগত ৰাণাৰ প্ৰথম যোগাযোগ হৈছিল। এই হেডলীয়ে হৈছে ২৬/১১ মুম্বাই সন্ত্রাসবাদী আক্ৰমণৰ অন্যতম মূল অভিযুক্ত আৰু তেওঁ আমেৰিকাত কাৰাবাসত আছে। ১৯৯৭ চনত ৰাণা কানাডালৈ তেওঁৰ পত্নীৰ সৈতে প্ৰব্ৰজিত হৈছিল আৰু চামৰাজ ৰাণা আখতাৰ নাম লৈ চিকিৎসক হিচাপে কাম কৰিছিল। কানাডাত ৰাণাই 'ইমিগ্রেশ্যন কনছালটেন্সি' আৰম্ভ কৰাৰ লগতে 'হালাল কৰা' মাংসৰ ব্যৱসায়ো কৰিছিল। 'প্ৰব্ৰজনকাৰী' বিষয়ত ব্যৱসায় কৰাৰ সময়তে ৰাণাৰ হেডলীৰ লগত সংযোগ ঘটিছিল। 

আনহাতে, জেৰাৰ সময়ত ৰাণাই কয় যে মেডিকেলৰ ডিগ্রী লোৱাৰ পাছত ৰাণাই পাকিস্তানী সেনাত চিকিৎসক হিচাপে যোগ দিছিল। নিয়াৰ সূত্ৰৰ মতে, পাকিস্তানী সেনাৰ পৰা চাকৰি এৰাৰ পাছতো তাহাউৰ ৰাণাই পাকিস্তানী চোৰাংচোৱা সংস্থা, আই এছ আই আৰু লস্কৰ-ই-তৈবাৰ সন্ত্রাসবাদীৰ উচ্চস্তৰীয় বিষয়াৰ লগত আলোচনা কৰিলে পাকিস্তানী সেনাৰ সামৰিক পোছাক পৰিধান কৰিছিল। সেনাৰ পোছাকতে ৰাণাই নিয়মিতভাৱে সন্ত্রাসবাদীৰ শিবিৰলৈও গৈছিল বুলি নিয়াই প্ৰকাশ কৰিছে। তদুপৰি, ৰাণাই 'বিশ্বজনীন সন্ত্রাসবাদী' বুলি ঘোষিত হোৱা ছাজিদ মীৰৰ সৈতেও নিয়মীয়া যোগাযোগ ৰাখিছিল। এই ছাজিদ মীৰেই আছিল ২৬/১১ মুম্বাই আক্ৰমণৰ মূল কাৰ্যকৰী সন্ত্রাসবাদী।

Share This