ডিজিটেল ডেস্ক : সোমবাৰে দিল্লীৰ এখন আদালতে ২৬/১১ৰ মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহাউৰ হুছেইন ৰানাৰ নিয়াৰ জিম্মা আৰু ১২ দিনলৈ বৃদ্ধি কৰে। ৰানাৰ পূৰ্বৰ ১৮ দিনৰ নিয়াৰ জিম্মা অন্ত পৰাৰ পাছত নিয়াৰ আৱেদনত বিশেষ নিয়া আদালতৰ ন্যায়াধীশ চন্দেৰজিৎ সিঙে ৰানাৰ নিয়াৰ জিম্মা বৃদ্ধি কৰে।
২৬/১১ৰ মুম্বাই আক্ৰমণৰ মূল ষড়যন্ত্রকাৰী ডেভিদ ক'লমেন ওৰফে দাউদ গিলানীৰ ঘনিষ্ঠ সহযোগী আমেৰিকাৰ নাগৰিক ৰানাক যোৱা ৯ এপ্রিলত ভাৰতলৈ অনা হৈছিল।
উল্লেখযোগ্য যে ২০০৮ চনৰ ২৬ নৱেম্বৰত আৰব সাগৰেদি মুম্বাইত প্ৰৱেশ কৰি ১০টা পাকিস্তানী সন্ত্রাসবাদীয়ে মুম্বাইত এটা ৰে'ল ষ্টেছন, দুখন বিলাসী হোটেল আৰু এটা ইহুদী কেন্দ্রত আক্ৰমণ কৰিছিল। প্রায় ৬০ ঘণ্টাৰ উক্ত আক্ৰমণত ১৬৬জন লোকৰ মৃত্যু হৈছিল।