তাজমহলৰ সৰ্বাধিক ২৯৭ কোটি টকা উপাৰ্জন 

dainik janambhumi April 05, 2025

ডিজিটেল ডেস্ক : মোগল যুগৰ স্মৃতিসৌধ তাজমহল হৈছে টিকট বিক্ৰীৰে সৰ্বাধিক ধন উপাৰ্জন কৰা ভাৰতীয় প্রত্নতাত্ত্বিক (এ এছ আই) জৰীপে সুৰক্ষা দিয়া কীর্তিস্তম্ভ। চৰকাৰে দিয়া তথ্য মতে, তাজমহলে ৫ বছৰত টিকট বিক্ৰী কৰি ২৯৭ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিছে। এটা প্রশ্নৰ লিখিত উত্তৰত কেন্দ্রীয় সাংস্কৃতিক মন্ত্রী গজেন্দ্ৰ সিং শেখাৱটে এই তথ্য দিয়ে। 

সেইদৰে ২০২৩-২৪ বিত্তীয় বর্ষত ক্রমে ২৩,৮০,১৬,৯৮৩ টকা আৰু ১৮,০৮,৯০,৮২৫ টকা ৰাজহ সংগ্ৰহ কৰি কুটুবমিনাৰ আৰু লাল কিল্লা ক্রমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে। যোৱা পাঁচ বছৰত বিভিন্ন কীৰ্তিস্তম্ভ দৰ্শনৰ টিকট বিক্ৰী কৰি এ এছ আয়ে লাভ কৰা ধন বছৰ হিচাপত তথা কীর্তিস্তম্ভহিচাপত দিবলৈ কোৱা হৈছিল। 

যোৱা পাঁচ বছৰত আটাইতকৈ বেছি ধন উপাৰ্জন কৰা কীৰ্তিস্তম্ভৰ বিষয়েও তেওঁক প্রশ্ন কৰা হৈছিল। মন্ত্ৰীৰ তথ্য মতে, ২০১৯-২০ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষলৈ যোৱা ৫ বছৰত এ এছ আইৰ কীৰ্তীস্তম্ভসমূহৰ ভিতৰত তাজমহলে সৰ্বাধিক ধন উপাৰ্জন কৰিছে।

Share This