বাংলাদেশত প্ৰধানমন্ত্ৰী ৰূপে তাৰেক ৰহমানৰ শপতগ্ৰহণ

dainik janambhumi February 18, 2026

ডিজিটেল ডেস্ক : বাংলাদেশত কালি তাৰেক ৰহমানে দেশখনৰ নতুন প্রধানমন্ত্রীৰূপে শপত গ্ৰহণ কৰাৰ সময়তে দেশখনৰ পূৰ্বৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে পদ এৰাৰ আগে আগে উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যক লৈ ভাৰত-বিৰোধী মন্তব্য দিয়ে। বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনে কালি তাৰেক ৰহমানক দেশখনৰ প্ৰধানমন্ত্ৰীৰূপে শপত বাক্য পাঠ কৰোৱাৰ লগে লগে দেশখনত যোৱা ১৮ মাহে শাসন চলাই থকা অন্তৰ্ৱর্তী চৰকাৰৰ কাৰ্যকালৰো অন্ত পৰে। তেওঁ প্ৰথমবাৰৰ বাবে দেশখনৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰে।

ইয়াৰ আগতে কালি পুৱাৰ ভাগত দেশখনৰ সংসদীয় নির্বাচনত বিপুল জয়লাভ কৰা বি এন পিৰ সাংসদসকলে তাৰেক ৰহমানক সংসদীয় দলৰ নেতা নির্বাচিত কৰে। তাৰেকৰ লগতে ২৫জন কেবিনেট আৰু ২৪জন ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰীয়েও শপত গ্রহণ কৰে। ২৫জন কেবিনেট মন্ত্ৰীৰ ভিতৰত ১৭জন প্ৰথমবাৰৰ বাবে কেবিনেটত অন্তর্ভুক্ত হৈছে। আনহাতে ৰাজ্যিক পৰ্যায়ৰ সকলো মন্ত্রী নতুন। সংসদৰ চৌহদৰ ছাউথ প্লাজাত আজি শপত গ্ৰহণ কৰা ৫০জনীয়া মন্ত্রীসভাত একমাত্র হিন্দু মন্ত্রীজন বি এন পিৰ জ্যেষ্ঠ নেতা নিতাই ৰয় চৌধুৰী। ইফালে নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ প্ৰথম দিনটোতে নিৰ্বাচনত পৰাজিত হোৱা মৌলবাদীৰ দল জামাত-ই-ইছলামীয়ে চৰকাৰৰ বিৰুদ্ধে পাছলৈ ওলাই অহাৰ ভাবুকি দিয়ে।

উল্লেখযোগ্য যে তাৰেক ৰহমানৰ বি এন পিৰ সাংসদসকলে জুলাই চাৰ্টাৰৰ সৈতে জড়িত সংবিধান সংস্কাৰ পৰিষদৰ সদস্যৰূপে শপত গ্রহণ কৰিবলৈ অস্বীকাৰ কৰে। ইয়াৰ প্ৰতিবাদত জামাত আৰু ইয়াৰ সহযোগী দল এন চি পিয়ে নতুন চৰকাৰৰ শপত গ্রহণ সমাৰোহ বৰ্জন কৰে। ইয়াৰ লগতে জামাতে ইয়াৰ বিৰুদ্ধে পথলৈ ওলাই অহাৰো ভাবুকি দিয়ে। উল্লেখযোগ্য যে জুলাই চাৰ্টাৰক লৈ হোৱা গণভোটত অধিকাংশ লোকে ইয়াৰ সপক্ষে ৰায় দিয়ে। ইয়াৰ অধীনত দেশখনৰ সংসদ তিনি মাহৰ বাবে সংবিধান পৰিষদলৈ সলনি হ'ব আৰু পৰিষদে বাংলাদেশৰ সংবিধান, গণতান্ত্রিক সংস্থা আৰু প্ৰক্ৰিয়াসমূহত সংস্কাৰৰ সিদ্ধান্ত ল'ব। বি এন পিৰ মতে, সাংসদসকলে এবাৰ শপত লোৱাৰ পাছত আৰু এবাৰ শপত লোৱাৰ প্রয়োজন নাই।

Share This