যেতিয়ালৈকে 'ইছলাম' থাকিব সন্ত্রাসবাদো থাকিব,পহলগাম-কাণ্ডক গৰিহণা তছলিমা নাছৰিনৰ

dainik janambhumi April 24, 2025

ডিজিটেল ডেস্ক : বাংলাদেশৰ নির্বাসিত লেখিকা তছলিমা নাছৰিনে কাশ্মীৰৰ পহলগামৰ সন্ত্রাসবাদীৰ আক্ৰমণক কঠোৰভাৱে গৰিহণা দিছে। মঙলবাৰে পহলগামত সংঘটিত সন্ত্রাসবাদীৰ নিৰ্দয় আক্ৰমণৰ পাছতে বিশিষ্ট লেখিকাগৰাকীয়ে কয় যে যেতিয়ালৈকে ইছলাম থাকিব, তেতিয়ালৈকে সন্ত্রাসবাদী জীয়াই থাকিব।

সন্ত্রাসবাদৰ লগত ইছলাম ধৰ্মক সংযোগ কৰি বিশিষ্ট লেখিকাগৰাকীয়ে কৰা মন্তব্যই যথেষ্ট প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। সামাজিক মাধ্যম এক্সত বিশিষ্ট লেখিকাগৰাকীয়ে কয় যে যেতিয়ালৈকে ইছলাম ধর্ম থাকিব তেতিয়ালৈকে সন্ত্রাসবাদ জীয়াই থাকিব। সন্ত্রাসবাদ ইছলামৰ গৰ্ভৰ পৰা জন্ম হৈ সমগ্ৰ বিশ্বতে ঘৃণা বিয়পাই আছে আৰু সমগ্ৰ বিশ্বতে কুৎচিৎ ৰাক্ষস হিচাপে বিশ্বত সন্ত্রাস কার্য সংঘটিত কৰি আহিছে। 

তছলিমা নাছৰিনে কয় যে যেতিয়ালৈকে ইছলাম ধৰ্মাৱলম্বী লোকসকল বিশ্বত থাকিব, তেতিয়ালৈকে অনা মুছলমান লোকৰ কোনো নিৰাপত্তা নাই। তদুপৰি মুক্ত চিন্তাবাদী লোকসকলৰ লগতে যুক্তিবাদী লোকৰো স্থান নাই এই বিশ্বত, যেতিয়ালৈকে মুছলমানসকল বিৰাজমান হৈ থাকিব। তাৎপর্যপূর্ণভাৱে মন্তব্য কৰি তছলিমা নাছৰিনে কয় যে মুছলমান থকালৈকে মহিলাসকলৰো কোনো নিৰাপত্তা নাই।

Share This