তাঁতৰ শালত ব্যস্ত ৯০ বছৰীয়া বগী আইতা 

dainik janambhumi April 09, 2025

ডিজিটেল ডেস্কঃ আজিও ১৫ বছৰীয়া পাটগাভৰুৰ দৰে তাঁতৰ শালত বহি ফুল বাছিব পাৰে বগী আইতাই। মায়াবিনী নিশাতে উঠি প্রাণচঞ্চলা গাভৰুৰ দৰে মাকো মাৰিব পাৰে বগী আইতাই। বগী আইতাৰ কঁকালত আজিও জোৰ আছে ৰাংঢালী ৰচকী তিৰোতাৰ দৰে। ঘৰৰ বাহী বনৰ পৰা পাকঘৰলৈ, গোহালিৰ পৰা তাঁতশাললৈ নিজে আজিও কাম-বন কৰি ভাল পায় বগী আইতাই।

 

বগী আইতা অৰ্থাৎ বগী দত্তৰ ঘৰ ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তৰ নিলখ ক'পাৰিটিপ গাঁৱত। গ্রামাঞ্চলৰ বায়ু, পানী সেৱন কৰি ডাঙৰ-দীঘল হোৱা বগী আইতাৰ ঘৰত আছে পুত্ৰ-বোৱাৰী আৰু নাতি-নাতিনী। ঢল পুৱাতে শুই উঠি নিশা দুপৰলৈকে সময় পালেই তাঁতশালত বহে বগী আইতাই। তাতে বাপতিসাহোন ৰঙালী বিহু আহি পালেহি নঙলামুখত। এফালে যদি গছৰ পাতৰ আঁৰত লুকাই কুলিয়ে বিনাই, আনফালে - অসমীৰ চোতালত ঢোল-পেঁপাৰ মাতত চুবুৰি ৰজনজনায়। ব্যতিক্রম নহয় বগী আইতা আৰু বোৱাৰী দীপা দত্ত। ধেমাজিৰ নিলখ গাঁও অঞ্চলৰ ৯০ বছৰীয়া আইতাই এইবাৰো বিহুৰ বাবে বৈ উলিয়াইছে তাঁতৰ শালত নিজে কুৰিৰো অধিক গুটি ফুলৰ গামোচা। শাহুৱেকৰ লগতে বোৱাৰীয়েও বৈছে নানা ফুলাম গামোচা। একপ্ৰকাৰ ক'বলৈ গ'লে শাহু-বোৱাৰীয়ে মিলি বিহুৰ বতৰত বৰ্তমান বৈ উলিয়াবলৈ সাজু হৈছে শ শ ফুলাম গামোচা এইবাৰৰ ৰঙালী বিহুৰ বাবে।

৯০ বছৰীয়া বগী আইতাই যদি তাঁতৰ শালত ব্যস্ত, আনফালে বোৱাৰী দীপা দত্তই ব্যস্ত যতৰত সূঁতা কটাত। নিশা দুপৰলৈকে বোৱাৰীৰ লগত সমানে মাকো মাৰে তাঁতৰ শালত বহা বগী আইতাই। ৰঙালী বিহু উৎসৱত প্রয়োজনীয় অসমীয়া থলুৱা বোৱা গামোচা যোগান ধৰি আজিও পৰিয়াল পোহপাল দিছে শাহু-বোৱাৰীয়ে। মন কৰিবলগীয়া যে সদায়েই এটি লাজকুৰীয়া মিঠা হাঁহিৰে লোকক সম্বোধন জনোৱা বগী আইতাই আজিও পোৱা নাই ৰজাঘৰৰ পৰা কোনো সুবিধা। উপেক্ষিত বগী আইতাই নাজানে কিমান বয়স হ'লে যে ৰজাঘৰে পেঞ্চন দিয়ে। তথাপি নাই কোনো অভিযোগ আৰু আক্ষেপ।

 

মাথোঁ বুজে অসমীয়া মহিলাই সদায় ব্যস্ত বোৱা-কটা আৰু বন কৰি জীৱন সার্থক কৰাৰ বাবে। যি সময়ত প্ৰতিটো স্তৰত শাহু-বোৱাৰীৰ সম্বন্ধ আৰু ভক্তিক লৈ চর্চা চলে সমাজত, সেই সময়ত শাহু-বোৱাৰীৰ মাজত থকা পৱিত্ৰ বান্ধোনক শলাগ লৈছে অঞ্চলটোৰ ৰাইজে। ৰাইজে কয় শাহু-বোৱাৰীয়ে মিলি তাঁতৰ শালৰ সৈতে আপোন যি সম্বন্ধ সজীৱ কৰি ৰাখিছে, এয়া আদর্শ হওক সমাজত।

Share This