ডিজিটেল ডেস্ক : মধ্য প্রাচ্যৰ পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিছে। ইৰানৰ ওপৰত আমেৰিকাৰ আক্ৰমণ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ তেহৰানেও মধ্য প্রাচ্যত থকা মার্কিন সামৰিক ঘাটিসমূহক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ আক্ৰমণ অব্যাহত ৰাখিছে। আমেৰিকাই বুধবাৰে নিশা হৰমুজ প্রণালীত এখন জাহাজত আক্রমণ চলায়। হৰমুজ প্রণালীত আমেৰিকাই চলোৱা অৱৰোধ পাৰ হোৱাৰ চেষ্টা কৰাৰ অভিযোগ তুলি এই জাহাজখনত আক্রমণ কৰে। ইফালে, ইয়াৰ প্রতিশোধ স্বৰূপে ইৰানেও মার্কিন সামৰিক ঘাটিত আক্রমণ বৃদ্ধি কৰিছে।
শেহতীয়াভাৱে ইৰানে দিয়া আন এটা ভাবুকিয়ে সমগ্র বিশ্বকে চিন্তাত পেলাইছে। যদি আমেৰিকাই ইৰানৰ শক্তি আন্তঃগাঁথনিসমূহক লক্ষ্য কৰি আক্ৰমণ অব্যাহত ৰাখে তেন্তে লোহিত সাগৰৰ তৈল পৰিবাহী পথ বন্ধ কৰি দিয়াৰ বাবে তেহৰান প্রশাসনে মিত্রশক্তি য়েমেনৰ হুথি বিদ্রোহীসকলক আহ্বান জনাইছে। যদি এনে হয় তেন্তে গোলকীয় শক্তিৰ বজাৰখনত ভয়ানকভাৱে নেতিবাচক প্ৰভাৱ পৰাটো খাটাং। তদুপৰি, ইৰানৰ আৱাসিক অঞ্চলত আমেৰিকাই আক্রমণ চলালে মধ্য প্রাচ্যত থকা সকলো মার্কিন আন্তঃগাঁথনি তৎ মুহূর্ততে ধ্বংস কৰি পেলোৱাৰ হুংকাৰ দিছে ইৰানী কর্তৃপক্ষই।
ইফালে, ইৰানে হুথি বিদ্রোহীক লোহিত সাগৰৰ তৈল পৰিবাহী পথ বন্ধ কৰাৰ আহ্বান জনোৱাৰ পাছতে বৃহস্পতিবাৰে খাৰুৱা তেলৰ দাম ১ শতাংশ বৃদ্ধি পায়। ব্ৰেণ্ট খাৰুৱা তেলৰ দাম ৮৮ চেণ্ট বা ১.০৪ শতাংশ বৃদ্ধি হৈ প্রতি বেৰলত ৮৫.৮৩ মার্কিন ডলাৰ হয়গৈ। আনহাতে, ইউ এছ ৱেষ্ট টেক্সাছ ইণ্টাৰমেডিয়েটৰ দাম ১.১৮ শতাংশ বৃদ্ধি হৈ প্রতি বেৰলত ৮০.৫৪ ডলাৰ হয়গৈ।