ডিজিটেল ডেস্কঃ ভাৰতৰ সৈতে উত্তেজনা চলি থকাৰ মাজতে পাকিস্তানে নিজৰ দেশতে বিভিন্ন প্ৰান্তৰ বিদ্ৰোহী গোটৰ পৰা ভয়াৱহ সামৰিক আগ্রাসনৰ সন্মুখীন হৈছে।
শেহতীয়াকৈ তেহৰিক-ই-তালিবান পাকিস্তানে (টি টি পি) ভয়ংকৰ আক্ৰমণ চলাই ব্রাজিৰিজ্ঞানত শনিবাৰে এছ এছ জি কমান্ডোসহ ২৬জন পাকিস্তানী সৈন্যক হত্যা কৰে। ৱাজিৰিস্তানৰ দক্ষিণ আৰু উত্তৰ প্ৰান্তত সক্রিয় হৈ থকা টি টি পিয়ে আগ্রাসন অব্যাহত ৰাখিছে। ৱাজিৰিস্তানৰ মানট'ই এলেকাৰ পৰা নিকটৱৰ্তী এটা নিৰীক্ষণ প'ষ্টলৈ সামৰিক সাহায্য দিবলৈ যোৱা পাকিস্তানী সেনাৰ এটা কনভয়ত আক্ৰমণ কৰে টি টি পিৰ বিদ্ৰোহী গোটে।
এই আক্রমণত পাকিস্তানী সেনাৰ দুখন বাহন ধ্বংস হয়। এই আক্রমণত পাকিস্তানী সেনাৰ ২০-২৬জন জোৱান নিহত হোৱাৰ লগতে কেইবাজনো জোৱান আহত হয়। বিদ্রোহী গোটটোৱে দাবী কৰে যে তেওঁলোকে পাকিস্তানী সেনাৰ পৰা পাঁচটা ৰাইফল, এটা ৰকেট লঞ্চাৰ আৰু বহুতো অস্ত্র-শস্ত্র জব্দ কৰে। পাকিস্তানৰ সামৰিক বাহিনীয়ে এতিয়ালৈকে এই আক্ৰমণৰ বিষয়ে স্বীকাৰ কৰা নাই