ডিজিটেল ডেস্ক : পশ্চিম বংগৰ লালমনিৰহাট-কোচবিহাৰ ভাৰত-বাংলাদেশৰ সীমান্তত পুশ্ববেকক লৈ নতুনকৈ বুধবাৰে দুয়োখন দেশৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছে। বাংলাদেশ সীমান্ত কর্তৃপক্ষই দাবী কৰিছে যে ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীয়ে (বি এছ এফ) মহিলা-শিশুসহ ৩৪গৰাকী লোকক বলপূর্বক ভাৰতৰ পৰা বাংলাদেশলৈ খেদি পঠিওৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু বাংলাদেশৰ কর্তৃপক্ষই এই প্রচেষ্টাক বাধা দিয়ে।
বাংলাদেশ ব'ৰ্ডাৰ গাৰ্ডৰ (বিজিবি) মতে, পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ ছিটাই, দিনতাহা, মেখলিগঞ্জ এলেকাৰ পৰা আৰু লালমনিৰহাট জিলাৰ আদিতমাৰী, হাতীবান্ধা আৰু পটগ্রাম এলেকাৰ পৰা বাংলাদেশলৈ বি এছ এফে ৩৪গৰাকী লোকক খেদি পঠিয়াইছিল। বি জি বিয়ে স্থানীয় বাসিন্দাৰ সহযোগত ভাৰতে খেদি পঠিওৱা দলটোক বাধা দিয়ে আৰু সীমান্তৰ জিৰ' লাইন এলেকাত ৰাখি থয়।
ইয়াৰ পাছতেই বি জি বিয়ে বি এছ এফৰ সৈতে এখন বৈঠকৰ পোষকতা কৰে। এই পর্যন্ত বাংলাদেশ সীমান্তত উত্তজনা অব্যাহত আছে। আনহাতে, মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো হিলছ জিলাতো বাংলাদেশৰ পৰা ভাৰতত এদল বাংলাদেশীয়ে অনুপ্ৰৱেশৰ প্ৰচেষ্টা চলায়। বি এছ এফে এটা অনুপ্ৰৱেশকাৰীক আটক কৰে। ভাৰতৰ পৰা পুশ্ববেক কৰি এই দলটোক বাংলাদেশলৈ পঠিওৱা হৈছিল।