ডিজিটেল ডেস্ক : মধ্য প্রাচ্যত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। ইৰানে হৰমুজ প্রণালী অৱৰোধ কৰি ৰখা আমেৰিকাৰ জাহাজত আক্রমণ কৰাৰ পাছত আমেৰিকাই ইৰানৰ নাৱত আক্রমণ কৰা আৰু সংযুক্ত আৰব আমিৰাটত (ইউ এ ই) ইৰানে ক্ষেপণাস্ত্র তথা ড্ৰনেৰে কৰা আক্ৰমণৰ পাছত এতিয়া মধ্য প্রাচ্যৰ পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰাৰ আশংকা কৰা হৈছে। আমেৰিকাৰ সৈতে যুদ্ধ-বিৰতি চলি থকাৰ সময়তে ইৰানে ইউ এ ইত পুনৰ আক্ৰমণ কৰে। ইৰানৰ ইছলামিক ৰিভলিউশ্যনেৰী গার্ড ক'ৰে (আই আৰ জি চি) ইউ এ ইৰ ফুজৈৰাহতথকা খাৰুৱা তেলৰ এটা প্রকল্পত আক্রমণ কৰে। ইয়াৰ ফলত প্রকল্পটোত জুই লাগে। ইফালে ইৰানৰ আক্ৰমণত তিনিজন ভাৰতীয় আহত হয়।
আই আৰ জি চিয়ে হৰমুজ প্রণালীত ইউ এ ইৰ এখন তেল পৰিবাহী টেংকাৰ জাহাজতো আক্রমণ কৰে। ইউ এ ইত ইৰানে পুনৰ ড্ৰ আৰু ক্ষেপণাস্ত্ৰৰে আক্রমণ কৰে আৰু দেশখনৰ প্ৰতিৰক্ষা প্রণালীয়ে ইয়াক প্রতিহত কৰিছে। ইৰানে এইবুলি অভিযোগ কৰে যে আমেৰিকাৰ নেতৃত্বৰ মিত্র বাহিনীত ইউ এ ইয়ে সক্রিয় ভূমিকা পালন কৰি আছে আৰু সেয়েহে দেশখনত আক্রমণ কৰা হৈছে। ইফালে আই আৰ জি চিয়ে হৰমুজ প্রণালী অৱৰোধ কৰি ৰখা আমেৰিকাৰ জাহাজত ড্ৰ আৰু ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে। ইয়াৰ প্ৰত্যুত্তৰত আমেৰিকাই ইৰানৰ ছখন নাও ধ্বংস কৰে। হৰমুজ প্রণালীৰে জাহাজৰ চলাচল পুনৰ আৰম্ভ কৰাৰ বাবে আমেৰিকাই চলোৱা প্রচেষ্টাক বাধা দিয়াৰ বাবেই ইৰানে আক্রমণ কৰে।
উল্লেখযোগ্য যে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে সোমবাৰৰ পৰা 'প্রজে” ফ্রীডম' নামেৰে এই অভিযান আৰম্ভ কৰে। ইয়াৰ জৰিয়তে আমেৰিকাই গুৰত্বপূর্ণ সামুদ্রিক পথ নিয়ন্ত্রণ ইৰানৰ পৰা মুক্ত কৰি নিজৰ হাতলৈ নিবলৈ বিচাৰিছে। আমেৰিকাৰ চেন্ট্রেল কমাণ্ডৰ মুৰব্বী এডমিৰেল ব্লেড কুপাৰে জনোৱা মতে তেওঁলোকে নিৰাপত্তা দিয়া জাহাজসমূহত আই আৰ জি চিয়ে ড্রন আৰু ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে।
অৱশ্যে আমেৰিকাৰ সেনাই প্ৰতিৰক্ষা প্ৰণালীৰ জৰিয়তে ইৰানৰ আক্ৰমণ প্রতিহত কৰে। তেওঁ অৱশ্যে যুদ্ধ-বিৰতিৰ প্ৰসংগত কোনো কথা নক'লে। অপাৰেশ্যন ফ্রীডমত ১৫ হাজাৰ মার্কিন সৈন্যই ভাগ লৈছে। ইফালে ইৰানৰ সৈতে যুদ্ধ-বিৰতিৰ অন্ত পৰাৰ বাতৰি অস্বীকাৰ কৰে প্ৰতিৰক্ষা সচিব পিট হেগছেথে। ইৰানেহে যুদ্ধ-বিৰতি ভংগ কৰাৰ বাবে প্ৰৰোচিত কৰি থকা বুলি তেওঁ কয়। হেগছেথৰ মতে প্রজে" ফ্রীডম এক সুকীয়া অভিযান আৰু ইৰান যুদ্ধৰ সৈতে ইয়াৰ কোনো সম্পর্ক নাই।