ডিজিটেল ডেস্ক: ভ্ৰমণৰ আনন্দ সলনি হ’ল চৰম বিষাদলৈ। ভিয়েটনামৰ ফু-ক্যৌক (Phu Quoc) দ্বীপৰ সমীপত শনিবাৰে ৩৬গৰাকী ভাৰতীয় পৰ্যটক কঢ়িয়াই নিয়া এখন নাও সাগৰৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। এই শোকাৱহ ঘটনাৰ পিছৰে পৰা স্থানীয় প্ৰশাসনে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই আছে। ১৫গৰাকী ভাৰতীয় পৰ্যটকৰ মাজ সাগৰত সলিল সমাধি ঘটিছে।
দ্বীপৰ সমীপত ডুবিল নাওখন। বৃহৎ ঢৌৰ আঘাতত ঘটিল দুৰ্ঘটনা। তেলেংগানা-অন্ধ্ৰপ্ৰদেশৰ পৰ্যটক আছিল নাওখনত। ২১জন ভাৰতীয়ক জীৱন্তে উদ্ধাৰ
ভিয়েটনামত থকা ভাৰতীয় দূতাবাসে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ (X)-ত ঘটনাটো নিশ্চিত কৰি জনাইছে যে উদ্ধাৰ আৰু তালাচী অভিযান বৰ্তমানো অব্যাহত আছে। ঘটনাৰ সঠিক তথ্য আৰু সামগ্ৰিক ক্ষতিৰ সবিশেষ সংগ্ৰহৰ বাবে প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগ ৰখা হৈছে।
সহায়ৰ বাবে মুকলি কৰা হৈছে কণ্ট্ৰ’ল ৰূম (নিয়ন্ত্ৰণ কক্ষ)
দুৰ্ঘটনাত পতিত পৰ্যটকসকলৰ পৰিয়ালক জৰুৰী তথ্য আৰু প্ৰয়োজনীয় সকলো সহায় আগবঢ়াবলৈ ভিয়েটনামৰ দুখন গুৰুত্বপূৰ্ণ চহৰত হেল্পলাইন নম্বৰসহ কণ্ট্ৰ’ল ৰূম সক্ৰিয় কৰা হৈছে:
১/ হো চি মিন চিটি (কনছুলেট জেনেৰেল):
+84 36 281 7930
+84 91 552 37 14
+84 33 452 0414
২/ হানয় (ভাৰতীয় দূতাবাস):
+84 91 308 9165
ভুক্তভোগী পৰিয়ালসমূহক যিকোনো ধৰণৰ তথ্য বা জৰুৰী সাহায্যৰ বাবে উল্লিখিত নম্বৰসমূহত যোগাযোগ কৰিবলৈ দূতাবাসে অনুৰোধ জনাইছে। বৰ্তমানলৈকে উদ্ধাৰ অভিযানৰ সবিশেষ তথ্য লাভ কৰিব পৰা হোৱা নাই।
উৎস: প্ৰাগ নিউজ ডিজিটেল