ডিজিটেল ডেস্কঃ দিল্লীৰ জাহাংগীৰপুৰী অঞ্চলত দেওবাৰে সন্ধিয়া এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়। পুৰণি শত্ৰুতাৰ অন্তত এজন ১৭ বছৰীয়া কিশোৰক মাজ ৰাস্তাত ছুৰিকাঘাত কৰি হত্যা কৰা হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, দেওবাৰে সন্ধিয়া প্ৰায় ৬ বজাত জাহাংগীৰপুৰীৰ ৰামলীলা ময়দানত এই ঘটনাটো ঘটে। মৃত কিশোৰজনৰ ভাতৃ তথা ঘটনাৰ প্ৰত্যক্ষদৰ্শী হাকিমে অভিযোগ কৰা মতে, দিলশাদ, ইৰফান, ইমৰাণ আৰু ৰিজবুল নামৰ চাৰিজন যুৱকে তেওঁৰ ভাতৃক আগচি ধৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। কিশোৰজনৰ শৰীৰৰ কেইবাঠাইতো গভীৰভাৱে আঘাত কৰাৰ ফলত তেওঁ ৰক্তাক্ত হৈ মাটিত বাগৰি পৰে।
আক্ৰান্ত কিশোৰজনক লগে লগে বাবু জগজীৱন ৰাম মেম'ৰিয়েল হস্পিটেললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। ঘটনাৰ পাছৰে পৰা অভিযুক্ত চাৰিওজন যুৱক পলাতক হৈ আছে।
প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে দুয়োটা পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি বিবাদ চলি আছিল। যোৱা ঈদৰ সময়তো তেওঁলোকৰ মাজত কাজিয়া হৈছিল। ব্যক্তিগত সম্পৰ্ক আৰু পুৰণি শত্ৰুতাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।
ঘটনাৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। পলাতক অভিযুক্তসকলক বিচাৰি কেইবাটাও আৰক্ষীৰ দল গঠন কৰা হৈছে। অঞ্চলটোত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। আৰক্ষীয়ে ৰাইজক শান্তি বজাই ৰাখিবলৈ আৰু উৰাবাতৰিত গুৰুত্ব নিদিবলৈ আহ্বান জনাইছে।
উৎস : প্ৰাগ নিউজ ডিজিটেল