ডিজিটেল ডেস্ক : দিল্লীৰ ৰাম মনোহৰ লোহিয়া হস্পিটেলৰ বিপৰীতে থকা তথা লোক সভা আৰু ৰাজ্য সভাৰ কেইবাজনো সাংসদ তথা তেওঁলোকৰ কৰ্মচাৰী বাস কৰা এটা আৱাসিক ভৱনত শনিবাৰে প্রচণ্ড অগ্নিকাণ্ড সংঘটিত হয়। দিল্লী অগ্নি নির্বাপক বাহিনীৰ এজন বিষয়াৰ মতে উক্ত অগ্নিকাণ্ডত কোনো হতাহতৰ খবৰ পোৱা নাই।
কিন্তু কিছু বাসিন্দাই দাবী কৰে যে কেইটিমান শিশু উক্ত ঘটনাত আহত হৈছে আৰু তেওঁলোকক ৰাম মনোহৰ লোহিয়া হস্পিটেলত ভৰ্তি কৰা হৈছে। অগ্নি নির্বাপক বাহিনীৰ মতে, বাবা খৰগ সিং মার্গত থকা উক্ত ব্রহ্মপুত্র এপার্টমেন্টত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি বিভাগে বিয়লি ১-২২ বজাত এটা ফ'ন পায়। লগে লগে ১৪ খন অগ্নি নির্বাপক বাহন উক্ত স্থানলৈ প্ৰেৰণ কৰা হয় আৰু বিয়লি ২-১০ বজাত অগ্নি নিয়ন্ত্রণলৈ আহে।
ইফালে ২০২০ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা উক্ত এপার্টমেণ্টৰ বাসিন্দাই অভিযোগ কৰে যে ফটকা ফুটাওঁতে গ্রাউণ্ড ফ্ল'ৰত থকা কিছু ছ'ফা ছেটত জুই লগাৰ বাবেই উক্ত অগ্নিকাণ্ড সংঘটিত হয়। দূৰৈৰ পৰা ৰেকর্ডিং কৰা বিভিন্ন ভিডিঅ' ফুটেজত ডাঠ, ক'লা ধোঁৱাই আৱাসিক ভৱনটো আৱৰি ধৰা আৰু আকাশলৈ ধোঁৱা বিয়পি পৰা দেখা যায়। উত্তৰাখণ্ডৰ এজন সাংসদৰ ব্যক্তিগত সহকাৰী এজনে কয়, 'আমাৰ সকলো বস্তু, নথি-পত্র, আ-অলংকাৰ, কাপোৰ-কানি আৰু প্রয়োজনীয় বস্তু জুইত জাহ গ'ল। আমি পিন্ধি থকা কাপোৰযোৰহে থাকিল। আমি এতিয়া শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব।' আন এজন বাসিন্দাই জনায়, 'দুজনী ছোৱালীক চিকিৎসালয়লৈ নিয়া হৈছে। কৰ্মচাৰীসকলৰ বহু বস্তু জুইত জাহ গৈছে।' প্রত্যক্ষদর্শীৰ মতে তলৰ মহলাবোৰৰ অধিকাংশৰে বয়-বস্তু সম্পূর্ণভাৱে জাহ গৈছে আৰু জুই বিয়পি চতুর্থ মহলা পাইছিলগৈ।