ডিজিটেল ডেস্ক: সোমবাৰে নিশা নেপালৰ ধাদিং জিলাত এক মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয়। পোখৰাৰ পৰা কাঠমাণ্ডু অভিমুখে আহি থকা এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই পৃথ্বী ঘাইপথৰ পৰা ত্ৰিশূলী নদীত বাগৰি পৰাৰ ফলত ১৮জন যাত্ৰীৰ মৃত্যু ঘটে। এই দুৰ্ঘটনাটো কাঠমাণ্ডুৰ পৰা প্ৰায় ৯০ কিল'মিটাৰ দূৰত অৱস্থিত গজুৰী নামৰ ঠাইত নিশা প্ৰায় ১-৩০ বজাত সংঘটিত হয়।
সশস্ত্ৰ আৰক্ষী মুখপাত্ৰ বিষ্ণু প্ৰসাদ ভট্টই কয় যে দুৰ্ঘটনাস্থলীৰ পৰা বৰ্তমানলৈকে ১৭ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰকাৰী দলে নদীৰ বুকৰ পৰা ২৮ জন আহত যাত্ৰীক উদ্ধাৰ কৰি স্থানীয় বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰাইছে, ইয়াৰে ২৬জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।
নিহতসকলৰ ভিতৰত নিউজিলেণ্ডৰ এজন পুৰুষ যাত্ৰী থকাৰ বিপৰীতে আহতসকলৰ মাজত এজন জাপানী নাগৰিক আৰু এগৰাকী নিউজিলেণ্ডৰ মহিলাও আছে।
দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে নেপালৰ সেনাবাহিনী, সশস্ত্ৰ আৰক্ষী বাহিনী আৰু নেপাল আৰক্ষীৰ বৃহৎ দল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়।
দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ তীব্ৰ গতিবেগৰ বাবেই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি আৰক্ষীৰ তদন্তত জানিব পাৰি যদিও বৰ্তমানেও তদন্ত অব্যাহত আছে।