ডিজিটেল ডেস্কঃ সন্ত্রাসবাদীৰ বৰ্বৰোচিত আক্ৰমণত পুনৰ ৰক্তাক্ত হয় জম্মু আৰু কাশ্মীৰ। সন্ত্রাসবাদীয়ে লক্ষ্য কৰিবলৈ লয় কাশ্মীৰৰ সৌন্দৰ্য উপভোগৰ বাবে তাত ভ্ৰমণ কৰিবলৈ যোৱা নিৰীহ পৰ্যটকক।
জম্মু আৰু কাশ্মীৰৰ পহলগামৰ বেছৰনত মঙলবাৰে বিয়লি ২-৪৫ বজাত ঘোঁৰাত উঠি পর্যটন বিলাস কৰি থকা পৰ্যটকৰ দল এটাক লক্ষ্য কৰি সন্ত্রাসবাদীয়ে কৰা আক্ৰমণত কমেও ২৬জন লোক নিহত আৰু আন কেইবাজনো লোক আহত হয়। নিহতসকলৰ ভিতৰত দুজন বিদেশী পর্যটকো আছে। ইয়াৰে এজন ইজৰাইলৰ আৰু আনজন ইটালিৰ বুলি জনা গৈছে।
নিহতসকলৰ অধিকাংশই পুৰুষ। জানিব পৰা মতে মঙলবাৰে দুপৰীয়া অনন্তনাগ জিলাৰ বেছৰন উপত্যকাৰ উপৰৰ অঞ্চলত পর্যটকে ভ্রমণ কৰি থকাৰ সময়তে সন্ত্রাসবাদীয়ে অতর্কিতে আক্রমণ কৰে। সন্ত্রাসবাদীয়ে কালি কৰা আক্ৰমণটো ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত কৰা আক্ৰমণৰ সৈতে সাদৃশ্য আছে।
এজন প্রত্যক্ষদর্শীয়ে জনোৱা মতে, সন্ত্রাসবাদীয়ে প্রথমে পৰ্যটকৰ নাম সোধে আৰু তাৰ পাছত 'কলমা' পঢ়িবলৈ কয়। হিন্দু নাম শুনাৰ লগে লগে সন্ত্রাসবাদীয়ে পৰ্যটকৰ মূৰলৈ লক্ষ্য কৰি নিচেই ওচৰৰ পৰা গুলীচালনা কৰে। সন্ত্রাসবাদীৰ গুলীত কেইবাটা ঘোঁৰাও হতাহত হোৱা বুলি প্রকাশ পাইছে। সন্ত্রাসবাদীকেইটাই পঞ্জাবীত কথা পাতিছিল বুলি সূত্ৰসমূহে দাবী কৰে।
সিহঁতে পৰ্যটকৰ ওপৰত ৫০ ৰাউণ্ড গুলীচালনা কৰে। চোৰাংচোৱাই প্ৰকাশ কৰা মতে, আক্রমণটোত কমেও ৪জন সন্ত্রাসবাদী জড়িত আছিল, তাৰে এজনেই বিদেশী। আক্রমণটো কৰি তেওঁলোকে পলায়ন কৰে। বাতৰি প্ৰতিষ্ঠান পি টি আয়ে কেন্দ্রীয় শাসিত অঞ্চলটোৰ এজন জ্যেষ্ঠ বিষয়াৰ উদ্ধৃতি দি কয় যে সন্ত্রাসবাদীৰ আক্ৰমণত ২০জনতকৈ অধিক লোক নিহত হয়। বাতৰি প্ৰতিষ্ঠানটোৱে দিয়া বাতৰি মতে, আহতৰ সংখ্যা প্রায় ২০জন। আহতসকলৰ কেইবাজনৰ অৱস্থা সংকটজনক বুলিও কোৱা হৈছে।
উল্লেখযোগ্য যে ২০১৯ চনৰ ফেব্ৰুৱাৰীৰ পাছত কাশ্মীৰত এইটো আছিল সন্ত্রাসবাদীৰ আটাইতকৈ ভয়াৱহ আক্ৰমণ। ২০১৯ চনৰ ফেব্ৰুৱাৰীত সন্ত্রাসবাদীৰ আক্ৰমণত পুলৱামাত চি আৰ পি এফৰ ৪৭জন জোৱানে প্রাণ হেৰুৱাইছিল।
জম্মু আৰু কাশ্মীৰৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, আহতসকলক চিকিৎসালয়লৈ নিয়াৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰ কৰা হয়। তেওঁ লগতে জনায় যে একাংশ আহত লোকক নিজৰ খচৰত উঠাই তলত থকা পহলগামৰ চিকিৎসালয়লৈ নিয়া হয়। আৰক্ষীৰ এজন বিষয়াই কয় যে দীর্ঘদিনৰ বিৰতিৰ পাছত এই বছৰত কাশ্মীৰত যথেষ্টসংখ্যক পর্যটকে ভ্ৰমণ কৰিবলৈ আহিছে। এই ঘটনাৰ পাছত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীতো সতর্কতা জাৰি কৰা হৈছে।