লক্ষ্য হ'ব মন্দিৰ, কাৰ্যালয়, ৰাজনৈতিক নেতা, উত্তৰাখণ্ড, দিল্লীত চলিব সন্ত্রাসবাদীৰ আক্ৰমণ!

dainik janambhumi June 28, 2026

ডিজিটেল ডেস্ক : খালিস্তানী সন্ত্রাসবাদীয়ে আগন্তুক দিনত দেশৰ ৰাজধানী মহানগৰ দিল্লী আৰু চাৰি ধামৰ ৰাজ্য উত্তৰাখণ্ডৰ প্ৰধান প্রধান স্থানত আক্ৰমণ কৰিব পাৰে বুলি পোৱা ভাবুকিৰ পাছত চোৰাংচোৱা সংস্থাবোৰে দিল্লী আৰু উত্তৰাখণ্ডৰ বাবে সন্ত্রাসবাদী আক্ৰমণৰ সতর্কবাণী জাৰি কৰিছে। চোৰাংচোৱা সংস্থাৰ সূত্ৰৰ উদ্ধৃতিৰে সংবাদ এজেন্সি এ এন আই-এ এই বাতৰি প্ৰকাশ কৰিছে। 

উক্ত বাতৰি মতে সতর্কবাণীত কোৱা হৈছে যে দিল্লী আৰু উত্তৰাখণ্ডৰ মন্দিৰত আক্ৰমণৰ আশংকা আছে। তদুপৰি চৰকাৰী প্ৰতিষ্ঠান, ৰে'ল ষ্টেছন আৰু আৰক্ষীৰ কাৰ্যালয়, শিবিৰ আদিও আক্ৰমণৰ সম্ভাব্য লক্ষ্য বুলি চিহ্নিত কৰা হৈছে। সূত্রসমূহে এ এন আইক কয় যে এটা ই-মেইলৰ দ্বাৰা উক্ত ভাবুকিৰ কথা জনোৱা হৈছিল, য'ত কেইবাটাও মন্দিৰ, চৰকাৰী কাৰ্যালয় আৰু ৰাজনৈতিক নেতা সম্ভাব্য লক্ষ্য হ'ব পাৰে বুলি জনোৱা হৈছে। উক্ত সতর্কবাণীৰ পাছত উত্তৰাখণ্ড আৰক্ষী, চোৰাংচোৱা সংস্থা আৰু দিল্লী আৰক্ষীক তীব্র সতৰ্কতাত ৰখা হৈছে। সতর্কতামূলক ব্যৱস্থা হিচাপে স্পৰ্শকাতৰ স্থানসমূহত নিৰাপত্তা ব্যৱস্থা পর্যালোচনা কৰা হৈছে তথা শক্তিশালী কৰা হৈছে। এ এন আইৰ মতে ই-মেইলৰ প্ৰামাণিকতাৰ সত্যাসত্য নিৰূপণ তথা ইয়াৰ উৎসৰ পম খেদিবলৈ দিল্লী আৰক্ষীয়ে এক তদন্তও আৰম্ভ কৰিছে। 

উল্লেখযোগ্য যে তেনে সতর্কবাণী জাৰি কৰা, এই বছৰত এইটো প্রথম ঘটনা নহয়। যোৱা জানুৱাৰী মাহতো চোৰাংচোৱা সংস্থাসমূহে নিষিদ্ধ ঘোষিত খালিস্তানী সংগঠন আৰু বাংলাদেশস্থিত সন্ত্রাসবাদী সংগঠনে গণৰাজ্য দিৱসত নতুন দিল্লী আৰু দেশৰ আন কেইবাখনো মহানগৰত আক্ৰমণ কৰাৰ আশংকা আছে বুলি সতর্কবাণী জাৰি কৰিছিল। লালকিল্লাৰ সমীপত সন্ত্রাসবাদীৰ আক্ৰমণৰ আশংকা আছে বুলি চোৰাংচোৱাৰ যোগে খবৰ পোৱাৰ পাছত পুনৰ ফেব্ৰুৱাৰী মাহত সতর্কবাণী জাৰি কৰা হৈছিল।

Share This