সন্ত্রাসবাদী ডাক্তৰে বোমা প্রস্তুতৰ বাবে ব্যৱহাৰ কৰিছিল আটাৰ মিল, দিল্লীত বিস্ফোৰণৰ ঘটনাৰ তদন্তত প্ৰকাশ

dainik janambhumi November 22, 2025

ডিজিটেল ডেস্ক : দেশত এলানি সন্ত্রাসবাদীৰ আক্রমণ চলোৱাৰ বাবে হাৰিয়ানাৰ ফৰিদাবাদত এজন টেক্সী ড্ৰাইভাৰৰ গৃহৰ পৰা বোমা প্ৰস্তুত কৰাৰ কিছুমান বৈদ্যুতিক সামগ্রী উদ্ধাৰ হৈছে। দিল্লীত বিস্ফোৰণৰ ঘটনাৰ পাছত চলোৱা তদন্তত উদ্ধাৰ হৈছে যে এই গৃহটোত এটা আটাৰ মিল আছে আৰু এই মিলটোতেই বোমা প্রস্তুত কৰা হৈছিল। দিল্লীৰ বিস্ফোৰণৰ সহ-অভিযুক্ত মোজামিল ছাকেল গানায়ে বিস্ফোৰকৰ বাবে কেমিকেল প্ৰস্তুত কৰিবলৈ এটা আটাৰ মিল ব্যৱহাৰ কৰিছিল। 

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এন ডি টিভিয়ে লাভ কৰা ছবিত পোৱা গৈছে যে ফৰিদাবাদৰ ফ্ল'ৰ মিলটোত এটা গ্রাইণ্ডাৰ আৰু কিছুমান ইলেক্ট্রনিক সঁজুলি আছে। উল্লেখযোগ্য যে গানায়েক দিল্লী বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভি যোগত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। 

গানায়ে হৈছে জম্মু-কাশ্মীৰৰ পুলৱামাৰ বাসিন্দা। আল পালাহ বিশ্ববিদ্যালয়ৰ চিকিৎসকে জেৰাৰ সময়ত দিয়া স্বীকাৰোক্তিত এই তথ্য পোহৰলৈ আহিছে। গানায়ে জেৰাত কয় যে এই আটাৰ মিলটোত তেওঁ ইউৰিয়াৰ পৰা এম'নিয়াম নাইট্রেট পৃথক কৰিবলৈ বহু দিন ধৰি কাম কৰি আছিল আৰু বিস্ফোৰকবোৰ শোধন কৰিছিল।

Share This