লিচু উৎসৱৰ মাজতে আশাব্যঞ্জক বতৰা, ছিংগাপুৰ-থাইলেণ্ডলৈ যাব তেজপুৰৰ লিচু

dainik janambhumi June 08, 2026

ডিজিটেল ডেস্ক: তেজপুৰৰ 'লিচু উৎসৱ-২০২৬'ৰ কালি দ্বিতীয় দিনৰ কাৰ্যসূচীত পুৱাৰ পৰা লিচু প্ৰদৰ্শনী আৰু বিক্ৰী স্থলীত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে বেংগালুৰু, ছেন্নাই, পশ্চিম বংগ, কেৰঙ্গলাৰ পৰ্যটকে তেজপুৰৰ লিচুৰ সোৱাদ লোৱা পৰিলক্ষিত হয়। 

তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণৰ উদ্যাপনস্থলীৰ সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত জড়িত কেন্দ্ৰীয় চৰকাৰৰ অধিনস্থ এপেডাৰ জৰিয়তে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, জিলা আয়ুক্ত তথা উদযাপন সমিতিৰ সভাপতি আনন্দ কুমাৰ দাস, এপেডাৰ বিষয়ববীয়া আৰু জিলা কৃষি বিষয়া প্রদীপ তালুকদাৰ, মহকুমা কৃষি বিষয়া ড° জাকিৰ হুছেইনে পতাকা জোকাৰি জি আই টেগ লাভ কৰা এক টন তেজপুৰৰ সুস্বাদু লিচু ডুবাইলৈ ৰপ্তানি প্রক্রিয়া শুভাৰম্ভ কৰে। আনহাতে তেজপুৰ বিশ্ববিদ্যালয়ৰ ফুড এণ্ড ইঞ্জিনিয়াৰিং বিভাগৰ সহযোগত 'খাদ্য প্রযুক্তি আৰু লিচু' শীর্ষক আলোচনা সত্র অনুষ্ঠিত হয়। 

বিশ্ববিদ্যালয়খনৰ ফুড এণ্ড ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী অধ্যাপক ড° পুনম মিশ্ৰৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আলোচনা সত্ৰত সমল ব্যক্তি ৰূপে অংশগ্রহণ কৰে বিশ্ববিদ্যালয়খনৰ অধ্যাপক ড° স্বামী ৰঞ্জন পুৰোহিত আৰু ড° ৰাহুল কুমাৰে। উদযাপন সমিতিৰ সাধাৰণ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা আলোচনা সত্ৰখনত তেজপুৰ বিশ্ববিদ্যালয়ৰ ফুড এণ্ড ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী অধ্যাপক ড° পুনম মিশ্ৰৰ লগতে সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰা অধ্যাপকদ্বয় ড° স্বামী ৰঞ্জন পুৰোহিত আৰু ৰাহুল কুমাৰে লিচুৰ পৰা স্থায়ীভাৱে বিভিন্ন খাদ্য সামগ্রী প্রস্তুত কৰিব পৰাৰ যথেষ্ট থল আছে বুলি মন্তব্য কৰি অকল ঋতুকালীন এই সুস্বাদু ফলবিধ ফল হিচাপে খোৱাৰ লগতে যিকোনো প্ৰছেছ ফুড তৈয়াৰ কৰিব পৰা সম্ভাৱনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এনে বিষয়সমূহৰ প্ৰতি থলুৱা উদ্যোগীসকল আগবাঢ়ি আহিলেহে লাভজনক ব্যৱসায়লৈ পৰিণত হ'ব বুলি মন্তব্য কৰে। ইয়াৰ পাছতেই নাবাৰ্ডৰ সহযোগত অনুষ্ঠিত হোৱা আলোচনা সভাত নাবাৰ্ডৰ জিলাৰ উপ মহা প্রবন্ধক সুমন চেটার্জীয়ে লিচু উৎপাদনৰ ক্ষেত্ৰত নাবার্ডে কৃষকসকলৰ বাবে অনুষ্ঠিত কৰি অহা বিভিন্ন প্রশিক্ষণৰ বিষয়ে সদৰী কৰি উৎপাদনৰ ক্ষেত্ৰত কৃষকসকলক বিগত সময়ছোৱাত কেনেকৈ আগবঢ়াই নিয়াৰ ব্যৱস্থা গ্রহণ কৰি আহিছে সেই সন্দৰ্ভত উল্লেখ কৰি কৃষককে উৎপাদনৰ দিশটোত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। 

উল্লেখযোগ্য যে লিচুৰ প্ৰছেছ ফুডৰ সৈতে জড়িত তেজপুৰৰ উদ্যোগী যুৱক বিশ্বজিৎ শইকীয়াই লিচু প্রদর্শনী আৰু বিক্ৰীস্থলীত যথেষ্ট সংখ্যক গ্রাহক আকৃষ্ট হোৱা লিচুৰ প্ৰছেছ ফুডসমূহৰ বিষয়ে সবিশেষ অৱগত কৰে। আলোচনা সভাত লিচু উৎসৱ প্ৰাংগণৰ পৰাই ভার্চুৱেলী অংশগ্রহণ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে। আনহাতে, ডুবাইলৈ এক টন লিচু ৰপ্তানি প্রক্রিয়া শুভাৰম্ভ কৰি বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে ছিংগাপুৰ, থাইলেণ্ড আদি কেইবাখনো ৰাষ্ট্ৰলৈ লিচু ৰপ্তানি কৰা হ'ব বুলি মন্তব্য কৰে। সপোন নেওগৰ নামেৰে নামকৰণ হ'ব 'লিচু': তেজপুৰৰ লিচু উৎসৱৰ আজি ৩৫ জোপা জি আই স্বীকৃতি লাভ কৰা জাতৰ লিচুৰ লগতে অসমৰ প্ৰায় সকলো লুপ্তপ্রায় গছ- গছনি, বিদেশী মূল্যৱান ফল-ফুলেৰে জাতিষ্কাৰ হৈ থকা প্রয়াত মাষ্টাৰ ক্ৰাফট মেন অথবা ৰাইন' মেন হিচাপে দেশ-বিদেশত বন্দিত হোৱা শিল্পী তথা প্রকৃতিপ্রেমী সপোন নেওগৰ বাসগৃহত উপস্থিত হয় শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাস। 

সহকাৰী আয়ুক্ত ৰাজেন আচাৰ্যৰ লগতে তেজপুৰ লিচু উৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক পংকজ বৰুৱাৰ সৈতে তেজপুৰৰ নিকটৱৰ্তী ডিপোটাৰ প্ৰখ্যাত লিচু খেতিয়কজনৰ বাসগৃহৰ আশ্রম- সদৃশ বাসগৃহৰ বিশাল চৌহদত উপস্থিত হৈ লাগি থকা লিচু গছবোৰ প্ৰত্যক্ষ কৰি সপোন নেওগৰ অবৰ্তমানত সম্প্রতি বৃহৎ লিচু বাগিচাৰ লগতে অন্যান্য মূল্যবান গছ-গছনিসমূহ প্রত্যক্ষ কৰি অভিভূত হৈ পৰে জিলা আয়ুক্তগৰাকী। বোম্বাইৱা, ইলাচী, বিলাতী, চাইনা-৩, ৰঙীয়া আদি উন্নত জাতৰ লিচুসমূহৰ লগতে অগৰ, ক'লা আম, বনচোম, তিতাছপা, পাটকাই পৰ্বতৰ চুঙা বাঁহ, বগা আঙুৰ, ক'লা আঙুৰ, গন্ধৰাজ নেমু, পাকিস্তানী নেমু, চামেলী ফুল, ক'ক গছ, বিশেষ জাতৰ মধুৰী আমৰ লগতে বিভিন্ন মূল্যৱান গছ-গছনিসমূহ প্রত্যক্ষ কৰি শিল্পী তথা প্রকৃতিপ্রেমীগৰাকীৰ বিৰল প্রকৃতি প্রেমত মুগ্ধ হৈ পৰাৰ সময়ত পৰিয়ালৰ তৰফৰ পৰা আন কোনো ঠাইতে নথকা বাংলাদেশৰ পৰা অনা লিচু জোপা সপোন নেওগৰ নামেৰে নামকৰণ কৰিবলৈ জিলা আয়ুক্তগৰাকীক অনুৰোধ জনায়। 

উল্লেখযোগ্য যে তেজপুৰ বিশ্ববিদ্যালয় আৰু তেজপুৰ কৃষি বিজ্ঞান কেন্দ্রই বিশেষভাৱে সংৰক্ষণৰ পোষকতা কৰা বাংলাদেশৰ লিচু জোপাৰ লিচু এতিয়াও ছিঙা নাই বুলি সপোন নেওগৰ পুত্ৰই অৱগত কৰাৰ লগতে এই বৃহৎ বাগিচাখনৰ বিভিন্ন ধৰণৰ গছ-গছনিসমূহৰ ওপৰত গৱেষণা কৰিবলৈ তেজপুৰ বিশ্ববিদ্যালয়, দৰং মহাবিদ্যালয়, কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ আগমন ঘটে বুলি জিলা আয়ুক্তগৰাকীক জানিবলৈ দিয়ে।

Share This