মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কৰিলে ফ্লেগঅফ, তেজপুৰৰ লিচু ছিংগাপুৰলৈ

dainik janambhumi June 13, 2026

ডিজিটেল ডেস্ক : অসমৰ চহকী উদ্যান শস্যক বিশ্বৰ বজাৰত প্ৰতিষ্ঠা কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কালি তেজপুৰৰ লিচু ছিংগাপুৰলৈ প্ৰেৰণ কৰা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ পৰা জি আই টেগযুক্ত তেজপুৰৰ লিচু আনুষ্ঠানিকভাৱে ছিংগাপুৰলৈ ৰপ্তানি কাৰ্যসূচী (ফ্লেগঅফ) শুভাৰম্ভ কৰে। 

উল্লেখযোগ্য যে সু-পৰিচিত 'পিঁয়াজী' প্ৰজাতিৰ ৫০০ কিল'গ্রাম লিচু ছিংগাপুৰলৈ ৰপ্তানিৰ এই ব্যৱস্থাই অসমৰ কৃষক সমাজৰ বাবে এক নতুন দিগন্তৰ সূচনা কৰিছে। শেহতীয়াকৈ অসমৰ এই জি আই টেগযুক্ত লিচু ডুবাইলৈ সফলতাৰে ৰপ্তানি কৰাৰ পিছত ছিংগাপুৰৰ নতুন বজাৰে ৰাজ্যখনৰ উচ্চমানৰ কৃষি সামগ্ৰীৰ ক্ৰক্রমবর্ধমান আন্তঃৰাষ্ট্ৰীয় চাহিদাকে প্রতিফলিত কৰিছে। ৰাজ্য চৰকাৰে বজাৰ সংযোগ, মূল্য শৃংখল তথা ৰপ্তানি ব্যৱস্থাপনাক শক্তিশালী কৰাৰ বাবে চলোৱা নিৰন্তৰ প্রচেষ্টাৰ এয়া এক অন্যতম বৃহৎ সাফল্য। এই কাৰ্যসূচীৰ অন্তত উপস্থিত সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্রী ড° শর্মাই কয় যে যোৱা কেইটামান বছৰত তেজপুৰৰ লিচুৱে এখন আন্তর্জাতিক বজাৰ লাভ কৰিবলৈ সক্ষম হৈছে। কেইদিনমান আগতে কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ, চমুকৈ 'এপেডা'ৰ জৰিয়তে ডুবাইলৈ ১,০০০ কিল'গ্রাম লিচু ৰপ্তানি কৰা হৈছিল। 

কালি ছিংগাপুৰলৈ ৫০০ কিল'গ্রাম লিচু ৰপ্তানি কৰাৰ ব্যৱস্থা কৰা হৈছে, যিটো আজি পুৱা ভূটানৰ পৰা গুৱাহাটী হৈ ছিংগাপুৰলৈ যোৱা ডুক এয়াৰৱেজৰ বিমানেৰে প্ৰেৰণ কৰে। ছিংগাপুৰৰ উচ্চায়ুক্তই ইতিমধ্যে ৫০০ কিল'গ্ৰামৰ উপৰি আৰু ৫০০ কিল'গ্রাম লিচুৰ চাহিদা প্রকাশ কৰিছে বুলিও তেওঁ সদৰী কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে লিচু, কাজি নেমু বা ভোট জলকীয়াৰ দৰে আমাৰ যিখিনি গুৰুত্বপূৰ্ণ কৃষি সামগ্রী আছে, সেইসমূহৰ ক্ষেত্ৰত যদি সঠিক প্রচেষ্টা গ্ৰহণ কৰা হয়, তেনেহ'লে কঁঠাললৈকে সকলো সামগ্ৰী ভাৰতৰ বাহিৰলৈ ৰপ্তানি কৰাৰ সুযোগ ৰাজ্যখনৰ আছে। অৱশ্যে ৰপ্তানিৰ ক্ষেত্ৰত কৃষিত প্রয়োগ কৰা সাৰৰ এক নির্দিষ্ট মান তথা প্ৰেৰণ কৰা আৰ্হিৰ সৈতে চূড়ান্ত সামগ্ৰীৰ মিল থকাটো অনিবার্য বুলি তেওঁ কয়। আদাৰ ক্ষেত্ৰতো অসমে যথেষ্ট ভাল কাম কৰিব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে অহা বছৰ যাতে আৰু অধিক সামগ্রী বিদেশলৈ পঠিয়াব পৰা যায়, তাৰ বাবে চৰকাৰে বিশেষ প্রচেষ্টা হাতত ল'ব। ইফালে তেজপুৰৰ লিচু উৎপাদনৰ সীমাবদ্ধতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বর্তমান মাথোঁ প্রায় ৩,০০০ জোপামান গছৰ পৰাহে এই লিচু উৎপন্ন হয়। যিহেতু এই লিচু অসম আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত যথেষ্ট পৰিমাণে বিক্ৰী হয়, সেয়েহে চাহিদা থকা সত্ত্বেও এইবাৰ ইয়াতকৈ অধিক লিচু পঠাব পৰা নগ'ল। শেহতীয়াকৈ তেওঁ দেশৰ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্রীসকললৈ এই লিচু পঠিয়াইছিল আৰু দিল্লীত সকলোৱে তেজপুৰৰ লিচুৰ ভূয়সী প্রশংসা কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। 

মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে যে এই ৰপ্তানি কাৰ্যসূচীয়ে অসমৰ কৃষকসকলক বাৰুকৈয়ে অনুপ্রাণিত কৰিব আৰু অহা বছৰকেইটাত লিচুৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে চৰকাৰে কৃষকসকলক উৎসাহিত কৰিব। তেওঁ কয় যে কৃষকসকলৰ বাবে নতুন বিশ্বজনীন সুযোগ সৃষ্টি কৰি তেওঁলোকৰ আয় দুগুণ কৰিবলৈ আৰু অসমৰ সৰ্বোত্তম কৃষি সামগ্ৰী বিশ্বৰ দৰবাৰত প্ৰদৰ্শন কৰিবলৈ অসম চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। কালিৰ অনুষ্ঠানত কৃষি আদি বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকা, কৃষি বিভাগৰ আয়ুক্ত-সচিব অৰুণা ৰাজোৰিয়া, কৃষি বিভাগৰ সঞ্চালক ৰাতুল চন্দ্ৰ পাঠককে ধৰি বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Share This