তেজপুৰ বিশ্ববিদ্যালয়ত উত্তাল প্রতিবাদ, উপাচাৰ্যসহ পাঁচজনৰ প্ৰতিকৃতি দাহ ছাত্র, শিক্ষক-কর্মচাৰী সমাজৰ

dainik janambhumi October 09, 2025

ডিজিটেল ডেস্ক : তেজপুৰ বিশ্ববিদ্যালয়ত উপাচার্য শম্ভুনাথ সিং আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে উত্তাল প্রতিবাদ সাব্যস্ত কৰে ছাত্ৰ সমাজৰ লগতে শিক্ষক আৰু কৰ্মচাৰী সমাজে। যোৱা ২২ ছেপ্টেম্বৰৰ পৰা বিশ্ববিদ্যালয়খনত অনুপস্থিত হৈ থকা উপাচার্য সিং কালি বিশ্ববিদ্যালয়খনলৈ উভতি আহিব বুলিও চর্চিত হৈছিল। উল্লেখযোগ্য যে ১৯ ছেপ্টেম্বৰৰ পৰাই উপাচাৰ্য সিঙৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্রশাসনিক কর্তৃপক্ষৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ ক্ষোভৰ উদগিৰণ ঘটে শিল্পী জুবিন গাৰ্গৰ প্ৰতি উপাচাৰ্য আৰু প্রশাসনিক কর্তৃপক্ষই কৰা অপমানৰ বাবে। ইয়াৰ পিছতে ২২ ছেপ্টেম্বৰৰ পৰাই ছাত্ৰ সমাজৰ সৈতে বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰী সমাজেও এই প্রতিবাদেৰে চামিল হয় আৰু উপাচার্য তথা তেওঁৰ অনিয়মৰ সহযোগীসকলৰ বিৰুদ্ধে সৰৱ  হৈ উঠে। 

উল্লেখযোগ্য যে যোৱা তিনিটা সপ্তাহে বিশ্ববিদ্যালয়ৰ পৰা আঁতৰি থকা উপাচাৰ্য সিঙৰ পদত্যাগ দাবী বাৰম্বাৰ উত্থাপন হৈ অহাৰ পাছত কালি উপাচাৰ্য সিঙৰ উপৰি বিশ্ববিদ্যালয়খনৰ বিত্ত বিষয়া ব্রজবন্ধু মিশ্র, অভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষৰ সঞ্চালক দেৱেন চন্দ্ৰ বৰুৱা, অভিযান্ত্রিক বিভাগৰ ডীন শংকৰ চন্দ্ৰ ডেকা আৰু কাৰ্যবাহী অভিযন্তা যাদৱ চন্দ্ৰ নাথৰ প্ৰতিকৃতি লৈ সন্ধিয়া ৫-৩০ বজাত বিশ্ববিদ্যালয় চৌহদত এক প্রতিবাদী সমদল উলিওৱা হয়। 

উপাচাৰ্যৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে আৰু তেওঁৰ পদত্যাগৰ দাবী তথা সংঘটিত দুর্নীতি-অনিয়মৰ বিৰুদ্ধে কৰা ছাত্ৰ, শিক্ষক আৰু কৰ্মচাৰীৰ সমদল তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত সমাপ্ত কৰাৰ পিছতেই পাঁচোজনৰ প্রতিকৃতি দাহ কৰা হয়। এই প্রতিকৃতি দাহক অনিয়ম আৰু অন্যায়ৰ বিৰুদ্ধে কৰা প্ৰতীকী তথা শান্তিপূর্ণ প্রতিবাদ বুলিও প্রতিবাদকাৰীসকলে স্পষ্ট কৰি দি কয় যে দমন আৰু ভয়ৰ বিৰুদ্ধে এয়া এক প্ৰতিবাদৰ প্রতীকহে।

Share This