ডিজিটেল ডেস্ক : থাইলেণ্ডত কেইবামাহো ধৰি চলি থকা ৰাজনৈতিক অস্থিৰতাৰ অন্ত পেলাই দেশখনৰ বিশিষ্ট উদ্যোগী আৰু প্রবীণ ৰাজনীতিক আনুটিন চার্নভিৰাকুলে থাইলেণ্ডৰ নতুন প্রধানমন্ত্রী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। থাইলেণ্ডৰ সংসদৰ নিম্ন সদনৰ সচিব প্রধান আপাথ সুখানন্তে দেওবাৰে কয় যে দেশখনৰ ৰজাৰ সন্মতিক্রমে আনুটিন চার্নভিৰাকুলক প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়া হৈছে। বেংককস্থিত আনুটিনৰ ভুমজাইথাই দলৰ মুখ্য কার্যালয়ত এই ঘোষণা কৰা হয়।
উল্লেখযোগ্য যে চুবুৰীয়া কম্বোডিয়াৰ সাংসদ এজনৰ সৈতে হোৱা গোপন টেলিফ'নিক বার্তালাপক লৈ দেশখনৰ প্রাক্তন প্রধানমন্ত্রী পে'টংটার্ন শ্বিনাৱাত্ৰাৰ বিৰুদ্ধে প্রবল প্রতিবাদ হৈছিল আৰু ইয়াৰ পাছত যোৱা সপ্তাহত শ্বিনাৱাত্রাক ৰাজনৈতিক গোপনীয়তা ভংগ কৰা কৰাৰ অভিযোগত প্ৰধানমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰা হৈছিল।
বৰ্তমানৰ প্ৰধানমন্ত্ৰীজনে পূৰ্বৰ শ্বিনাৱাত্ৰাৰ মন্ত্রীসভাত দেশখনৰ উপ-প্রধানমন্ত্রী আৰু গৃহ মন্ত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।