ডিজিটেল ডেস্ক : থাইলেণ্ডৰ অপাল সুচাতা ছুৱাংশ্রীয়ে এই বছৰৰ মিছ ৱৰ্ল্ড খিতাপ জয় কৰে। হায়দৰাবাদৰ হাইটেক্স এগজিবিশ্যন চেন্টাৰত শনিবাৰে নিশা অনুষ্ঠিত হোৱা প্রতিযোগিতাৰ গ্ৰেণ্ড ফিনালেত সুচাতাই ১০৮খন দেশৰ প্ৰতিযোগীক পিছ পেলাই মিছ ৱৰ্ল্ডৰ খিতাপ জয় কৰে। ইথিঅ'পিয়াৰ হাছেট ডেৰেজে ওডমাছু ৰানাৰ আপ হয়। ভাৰতৰ নন্দিনী গুপ্তাই শীর্ষ ২০ গৰাকী প্রতিযোগীৰ ভিতৰত স্থান লাভ কৰে। তেওঁ শীর্ষ আঠটাৰ ভিতৰত স্থান লাভত ব্যর্থ হ'লেও 'টিপ মডেল'ৰ খিতাপ জয় কৰে।
যোৱা বছৰৰ মিছ ৱৰ্ল্ড ক্রিষ্টিনা পিচজকোভাই সুচাতাক মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধাই দিয়ে। ইয়াৰ লগে লগে মিছ ৱৰ্ল্ডৰ ৭২ বছৰীয়া ইতিহাসত সুচাতা মিছ ৱর্ল্ড খিতাপ জয় কৰা থাইলেণ্ডৰ প্ৰথমগৰাকী সুন্দৰীৰূপে পৰিগণিত হয়। সূচাতাই ইয়াৰ আগতে যোৱা বছৰ মিছ ইউনিভাৰ্ছ প্রতিযোগিতাতো অংশ গ্রহণ কৰিছিল আৰু সেইবাৰ তেওঁ থার্ড ৰানাৰ আপ হৈছিল। সুচাতা ৰাষ্ট্রদূত হ'বলৈ বিচাৰে। তেওঁ খিতাপ জয়ৰ পাছত কয়, 'মই স্তন কেঞ্চাৰ আৰু মহিলাৰ স্বাস্থ্যৰ প্ৰতি সজাগতা বৃদ্ধিৰ হকে কাম কৰি আছোঁ। 'মিছ ৱৰ্ল্ডৰ ৱেবছাইটত দিয়া তথ্য মতে, সুচাতাৰ জন্ম হৈছিল ২০০৩ চনৰ মাৰ্চত ফুকেট মহানগৰত। তেওঁ বর্তমান থাইলেণ্ডত আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা বিষয়ত অধ্যয়ন কৰি আছে। তেওঁ ওকেলেল (সংগীতৰ এবিধ বাদ্য যন্ত্র) বজাই ভাল পায়। তেওঁৰ পাঁচটা পোহনীয়া কুকুৰ আৰু ১৬টা মেকুৰী আছে। তেওঁ প্ৰথমবাৰৰ বাবে থাইলৈণ্ডৰ হৈ মিছ ৱৰ্ল্ড খিতাপ জয় কৰাত যথেষ্ট গৌৰৱবোধ কৰা বুলি উল্লেখ কৰে।
মাত্র ১৬ বছৰ বয়সত গুৰুতৰ স্বাস্থ্যজনিত সমস্যাত ভোগাৰ পাছৰে পৰা তেওঁ থাইলেণ্ডৰ মহিলাসকলক স্তন কেঞ্চাৰৰ প্রতি সজাগ কৰাৰ কামত জড়িত হৈ পৰে। তেওঁ অপাল ফৰ হৰ নামৰ এটা সংগঠন গঠন কৰে আৰু এতিয়া থাইলেণ্ডত ই এক সামাজিক আন্দোলনৰ ৰূপ লৈছে। মিছ ৱৰ্ল্ড খিতাপ জয় কৰাৰ সময়ত যথেষ্ট আৱেগিক হৈ পৰা সুচাতাই বাতৰি প্ৰতিষ্ঠানক দিয়া এটা সাক্ষাৎকাৰত কয় যে তেওঁৰ ভাৰতীয় পৰম্পৰাৰ বিষয়ে জনাৰ আৰু দেশখনৰ মন্দিৰসমূহ দৰ্শন তথা ভ্ৰমণ কৰাৰ ইচ্ছা আছে। তেওঁ কয়, 'মোৰ ভাৰতত ভ্ৰমণ কৰাৰ মন আছে। বিশেষকৈ পুৰণি মন্দিৰসমূহলৈ গৈ ভগৱানৰ দৰ্শন কৰিবলৈ বিচাৰোঁ। এই স্থানসমূহ মোৰ বাবে অতি সুন্দৰ আৰু বিশেষ বুলি অনুভৱ কৰোঁ। মই আগতেই উল্লেখ কৰিছোঁ যে ভাৰত আৰু থাইলেণ্ডৰ সংস্কৃতি তথা পৰম্পৰাৰ মাজত যথেষ্ট সাদৃশ্য আছে।
এনে অৱস্থাত এই ধর্মীয় স্থানসমহ দৰ্শন কৰা আৰু ইয়াৰ বিষয়ে জনাটো মোৰ বাবে বিশেষ তথা সমৃদ্ধ অভিজ্ঞতা হ'ব।' তেওঁ লগতে কয়, তেলেংগানাৰ মহিলাসকলৰ পৰা মই যথেষ্ট প্ৰেৰণা লাভ কৰিছোঁ। তেওঁলোকৰ শক্তি, আত্মবিশ্বাস আৰু প্রকৃত সৌন্দর্যই মোৰ অন্তৰ স্পৰ্শ কৰি গৈছে। মই ইয়াত যথেষ্ট সহযোগ তথা সহায় লাভ কৰিছোঁ। ভাৰতীয় মহিলাসকল যথেষ্ট সবল আৰু তেওঁলোকে জীৱনত যিকোনো লক্ষ্যত উপনীত হ'ব পাৰে বুলি মই ভাবোঁ।' উল্লেখযোগ্য যে হায়দৰাবাদত প্ৰথমবাৰৰ বাবে এই প্রতিযোগিতাৰ আয়োজন কৰা হয়।