মুছলমান জনসংখ্যা বৃদ্ধিক লৈ উদ্বিগ্ন মুখ্যমন্ত্রী, ২০২৭ৰ লোকপিয়লে অসমলৈ আৰু দুৰ্ভাগ্যৰ বাতৰি কঢ়িয়াব 

dainik janambhumi January 09, 2026

ডিজিটেল ডেস্ক: '২০২৭চনৰ লোকপিয়লে অসমলৈ আৰু দুৰ্ভাগ্যৰ বাতৰি কঢ়িয়াই আনিব। অসমত বাংলাদেশী মুছলমানৰ সংখ্যা প্রায় ৪০ শতাংশ স্পৰ্শ কৰিব।' এই মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখযোগ্য যে অসমত দ্রুত গতিত জনসংখ্যা বৃদ্ধি পাই আছে। এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° শৰ্মাই পূৰ্বতেও বহুবাৰ ৰাইজক সৰ্তক কৰি দি আহিছে। বিশেষকৈ অসমত মুছলমান জনসংখ্যা দ্রুতগতিত বৃদ্ধিৰ ফলত ৰাজ্যখনৰ জন-গাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে।

২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত মুছলমান জনসংখ্যা আছিল ৩৪.২২ শতাংশ (প্রায় ১.০৭ কোটি), কিন্তু বর্তমান সময়ত এই সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। অনুপ্রৱেশ আৰু উচ্চ জন্ম হাৰৰ ফলত ক'বলৈ গ'লে ৰাজ্যখনত জন বিস্ফোৰণ ঘটিছে। এনে পৰিস্থিতিত ২০৪৫ চনৰ ভিতৰত অসমত হিন্দু আৰু মুছলমান জনসংখ্যা প্রায় সমান ৫০:৫০ হোৱাৰ সম্ভাৱনাই দেখা দিছে। এনে পৰিস্থিতিত ৰাজ্যখনৰ সাংস্কৃতিক আৰু জাতিগত পৰিচয়ৰ বাবে এক বৃহৎ সংকট আহি পৰাৰ সম্ভাৱনা আছে। সকলোতকৈ ডাঙৰ কথা যে বিগত দশকসমূহত অসমৰ মুছলমান জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হিন্দু জনসংখ্যাৰ তুলনাত যথেষ্ট বেছি। 

২০০১-২০১১ চনৰ মাজত মুছলমান জনসংখ্যাৰ বৃদ্ধি হাৰ আছিল প্রায় ২৯-৩০ শতাংশ। আনহাতে, হিন্দুৰ আছিল ১৬ শতাংশৰো কম। এই পৰিৱৰ্তনৰ ফলত বহু জিলাত মুছলমান সংখ্যাগুৰু হৈছে। নামনি অসমৰ লগতে মধ্য অসমৰ বহুকেইখন জিলাত ইতিমধ্যে মুছলমানসকল সংখ্যাগৰিষ্ঠ হৈছে। মুছলমানসকল সংখ্যাগৰিষ্ঠ হোৱাৰ লগে লগে ইমান দিনে খিলঞ্জীয়াৰ হাতত থকা ৰাজনৈতিক আৰু অর্থনৈতিক অধিকাৰো ক্ৰমাৎ হেৰুওৱাৰ উপক্ৰম হৈছে। এনে পৰিস্থিতিৰ মাজতে অহা এক এপ্ৰিলৰ পৰা আৰম্ভ হ'ব লগীয়া লোকপিয়লে অসমলৈ দুর্ভাগ্যৰ বতৰা কঢ়িয়াই আনিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কালি কৰা মন্তব্য লক্ষ্যণীয় হৈ পৰিছে।

Share This