আজিৰে পৰা আৰম্ভ হৈছে ২১ সংখ্যক ৰাষ্ট্ৰীয় পশুধন পিয়ল, ২০২৪-২৫

Jyoti Borah November 01, 2024

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ লগতে অসমতো আজিৰে পৰা ২১ সংখ্যক ৰাষ্ট্ৰীয় পশুধন পিয়ল, ২০২৪-২৫ আৰম্ভ হৈছে। ইয়াৰ অংশ হিচাপে আজি গোলাঘাটৰ বোকাখাত সমজিলাৰ কুৰুৱাবাহী পঞ্চায়তৰ নগয়া পামত জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত আয়োজিত ২১ সংখ্যক ৰাষ্ট্ৰীয় পশুধন পিয়ল, ২০২৪-২৫ৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে কৃষি আৰু পশু পালন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ লগতে ভাৰপ্ৰাপ্ত জিলা পশু চিকিৎসা বিষয়া ডাঃ ৰঞ্জন পাটৰ।

পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়া, কৰ্মচাৰীসকলে পশুপালকসকলৰ ঘৰে ঘৰে গৈ ডিজিটেল এপৰ জৰিয়তে পশুধন পিয়লৰ কাম সম্পূৰ্ণ কৰাৰ গুৰুত্বপূৰ্ণ অভিযান আৰম্ভ কৰিছে। আজিৰ উদ্ধোধনী

অনুষ্ঠানত ডিজিটেল এপৰ জৰিয়তে কিছুসংখ্যক পশুপালকৰ পিয়লৰ তথ্যও পঞ্জীভূত কৰা হয়। এই অনুষ্ঠানত ৰাজ্যিক ন'ডেল বিষয়া ডাঃ তীৰথ সিং, জিলা ন'ডেল বিষয়া ডাঃ সুনীল কুমাৰ হালৈ সমন্বিতে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিভিন্ন দায়িত্বত থকা বিষয়া, কৰ্মচাৰীসকল আৰু স্থানীয় কৃষক ৰাইজ উপস্থিত থাকে।

Share This