ডিজিটেল ডেস্ক: শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, ভট্টদেৱ আদি মহাপুৰুষসকলৰ সমান্তৰালকৈ শ্ৰীশ্ৰী দামোদৰ দেৱেও নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰত এক উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিছিল।
অবিভক্ত নগাঁও জিলাত জন্ম গ্রহণ কৰা মহাপুৰুষ দামোদৰ দেৱৰ লক্ষাধিক শিষ্যই গুৰুজনাৰ আদৰ্শৰে অনুপ্রাণিত হৈ তেওঁ প্ৰচাৰ কৰি যোৱা আধ্যাত্মিক চিন্তা-চেতনা প্ৰসাৰত গুৰুত্ব আৰোপ কৰিছে। আমি অভিভাৱকসকলে তেওঁৰ এই ধর্মীয় চেতনা যাতে নৱ প্ৰজন্মৰ মাজলৈ অৱধাৰিতভাৱে বিয়পাই নিব পাৰোঁ তাৰ বাবে সদৌ অসম দেৱ দামোদৰ সংঘই প্রচেষ্টা অব্যাহত ৰাখিছে। সদৌ অসম দেৱ দামোদৰ সংঘৰ ৪৯ সংখ্যক বার্ষিক অধিৱেশনৰ মুকলি সভাত দেওবাৰে নির্দিষ্টবক্তাৰ ভাষণত এই মন্তব্য আগবঢ়ায় দামোদৰ ৰত্ন, সাহিত্যিক তথা গৱেষক নৃপেন্দ্র কুমাৰ ভাগৱতীয়ে। দেৱ দামোদৰ সংঘৰ কামৰূপ জিলাৰ সভাপতি ভাগৱতীয়ে ভাষণত সংঘৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন আৰু আগন্তুক সোণালী জয়ন্তী উপলক্ষে অসমবাসীক সহযোগিতা কামনা কৰে।
উল্লেখযোগ্য যে সদৌ অসম দেৱ দামোদৰ সংঘৰ বার্ষিক অধিৱেশন উপলক্ষে এক উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰে জাগীৰোডৰ সমীপৰ বৃহত্তৰ বহা বৰজাৰী অঞ্চলত। যোৱা এক ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে বহা বৰজাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় সংঘৰ ৪৯ সংখ্যক বার্ষিক অধিৱেশন। অধিৱেশনৰ দ্বিতীয় দিনা সদৌ অসম দেৱ দামোদৰ সংঘৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ৰামচৰণ ভৰালীৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বীৰেন্দ্ৰ কুমাৰ দাসৰ সম্পাদনাত প্রকাশিত সংঘৰ মুখপত্ৰ 'দামোদৰ দর্পণ' উন্মোচন কৰে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূর্ব ঠাকুৰীয়াই।
উন্মোচনী ভাষণত শিক্ষা বিষয়াগৰাকীয়ে সংঘৰ কাম-কাজৰ শলাগ লয় আৰু এখন ভাল গ্রন্থই সমাজ পৰিৱৰ্তনত ল'ব পৰা ভূমিকাৰ বিষয়ে আলোকপাত কৰে। মুকলি সভাত অসম চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকাৰ ব্যক্তিগত সচিব অপূর্ব ডেকা, কলাৰত্ন তথা পদ্মভূষণ বঁটাপ্রাপক যতীন গোস্বামী, বিশিষ্ট ক্রীড়া সংগঠক ডাঃ বিমল দাস, সদৌ অসম দেৱ দামোদৰ সংঘৰ প্ৰধান সম্পাদক মনোৰঞ্জন গোস্বামী, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ প্রমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুকলি সভাত আদৰণী ভাষণ দিয়ে বহা বৰজাৰী আঞ্চলিক দেৱ দামোদৰ সংঘৰ কাৰ্যকৰী সভাপতি উমেশ চন্দ্ৰ ডেকাই আৰু উদ্দেশ্য ব্যাখ্যা তথা বার্ষিক প্রতিবেদন পাঠ কৰে সংঘৰ প্ৰধান সম্পাদক মনোৰঞ্জন গোস্বামীয়ে। সংঘৰ কাৰ্যকৰী সভাপতি শুভৰাম ডেকাই শলাগৰ শৰাই আগবঢ়ায়। মুকলি সভাৰ পাছতে সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত পৰিৱেশন কৰা হয় সংস্কৃত সত্রম্ আধ্যাত্মিক সাংস্কৃতিক অনুষ্ঠান আৰু আমন্ত্রিত শিল্পীৰ গীতৰ শৰাই। হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণত বহা বৰজাৰী বীৰ লাচিত সংঘই পৰিৱেশন কৰে 'ঈশ্বৰ পুত্ৰ' শীর্ষক এখন আলেখ্য।
উল্লেখযোগ্য যে মুকলি সভাৰ পূৰ্বে পুৱা দহ বজাত উলিওৱা হয় বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্রা। বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়স্থলী লৈ ৰূপান্তৰ হোৱা সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সহস্রাধিক ভক্তপ্রাণ ৰাইজে অংশগ্ৰহণ কৰা এই সাংস্কৃতিক শোভাযাত্রাত প্রদর্শিত হয় অসম গৌৰৱ এশিঙীয়া গঁড়। প্রদর্শিত হয় অসমৰ ভাওনা সংস্কৃতি। একেদৰে শোভাযাত্রাত অংশগ্ৰহণ কৰে তিৱা, বড়ো, কার্বি, নেপালী ইত্যাদি বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতিৰ দলসমূহে। সমান্তৰালভাৱে ধৰ্মীয় চেতনাৰে উদ্বুদ্ধ সদৌ অসম দেৱ দামোদৰ সংঘৰ শোভাযাত্ৰাত আইমাতৃ, যুৱক-যুৱতীসকলে হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তোলে।
ইফালে প্ৰথম দিনা পুৱা অধিৱেশন ভক্তসকলৰ নাম-প্ৰসংগৰে শুভাৰম্ভ কৰা হয়। পুৱা দহ বজাত অধিৱেশনৰ পতাকা উত্তোলন কৰে সদৌ অসম দেৱ দামোদৰ সংঘৰ সভাপতি ৰামচৰণ ভৰালীয়ে। পতাকা উত্তোলন কৰি সভাপতি ভৰালীয়ে অসমৰ বিভিন্ন প্রান্তত মহাপুৰুষ দামোদৰ দেৱৰ ২৯০খন সত্ৰ থকাৰ কথা উল্লেখ কৰে আৰু এই সত্ৰসমূহৰ অধীনত ষাঠি লক্ষাধিক ভক্ত তথা শিষ্য আছে বুলি মন্তব্য কৰে। বার্ষিক অধিৱেশন উপলক্ষে সমূহীয়াকৈ পতাকা উত্তোলন কৰা কাৰ্যসূচীত বৃহত্তৰ অঞ্চলটোৰ ৪৯গৰাকী বিশিষ্ট ব্যক্তিয়ে ৪৯খন পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে মহাপুৰুষ দামোদৰ দেৱৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন কৰে বিশিষ্ট সমাজকর্মী যতীন শইকীয়াই।
অনুষ্ঠানত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিতো বন্তি প্রজ্বলন কৰে বিশিষ্ট অতিথিসকলে। ইয়াৰ পাছতে মূল মঞ্চত অনুষ্ঠিত হয় এখন আলোচনা-চক্ৰ আৰু গ্ৰন্থ উন্মোচনী সভা। এই আলোচনা-চক্ৰৰ মূল বিষয় আছিল 'সাম্প্রতিক সময়ত মহাপুৰুষ দামোদৰ দেৱৰ প্ৰাসংগিকতা'। অনুষ্ঠানত আলোচক হিচাপে উপস্থিত থাকে ডিমৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° পংকজ নমশূদ্র, মাজুলী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° তুলসী ৰাজখোৱা। অনুষ্ঠানত বিশিষ্ট লেখিকা, গৱেষক সৰলা ভূঞা, বিশিষ্ট লেখক অনন্তৰাম মেধি, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিৱ প্ৰসাদ শৰ্মা, সংঘৰ মুখপাত্র কনকেশ্বৰ গোস্বামী উপস্থিত থাকে।