ডিজিটেল ডেস্ক: ইৰানত সর্বোচ্চ ধর্মীয় নেতা আয়াতুল্লা আলী খামেনেইৰ নেতৃত্বৰ ইছলামিক শাসনৰ বিৰুদ্ধে চলি থকা প্রতিবাদে ব্যাপক ৰূপ ধাৰণ কৰিছে। ইৰানী চৰকাৰৰ নিৰ্দেশত নিৰাপত্তা বাহিনীয়ে বিভিন্ন স্থানত প্রতিবাদকাৰীক গুলীচালনা কৰাৰ বাতৰি প্ৰকাশ পাইছে।
তেহৰানৰ এজন চিকিৎসকে নাম প্রকাশ নকৰাৰ চৰ্তত 'টাইম' মেগাজিনক জনায় যে ৰাজধানী তেহৰানৰ কেৱল ছখন হস্পিটেলত কমেও ২১৭জন লোকৰ মৃত্যু হৈছে। ইয়াৰে অধিকাংশ লোকৰ মৃত্যু হয় শৰীৰত গুলী লাগি। অৱশ্যে টাইম মেগাজিনে নিহতৰ সংখ্যা নিজাকৈ নিশ্চিত কৰা নাই। ইৰান চৰকাৰে সমগ্ৰ দেশখনতে ইণ্টাৰনেট সেৱা আৰু টেলিফ'ন সেৱা বন্ধ কৰি দিয়ে।
উল্লেখযোগ্য যে দেশখনত অর্থনৈতিক সংকটৰ বিৰোধিতা কৰি যোৱা ২৮ ডিচেম্বৰত আৰম্ভ হোৱা প্রতিবাদ এতিয়া ৩১খন প্রদেশলৈ বিয়পিছে। প্রতিবাদকাৰীয়ে দেশখনৰ পৰা ইছলামিক শাসন ওফৰাই পেলোৱাৰ দাবী কৰে। চিকিৎসকজনে টাইম মেগাজিনক জনোৱা মতে, প্রতিবাদে তীব্র ৰূপ ধাৰণ কৰাৰ সময়তে বিভিন্ন স্থানত নিৰাপত্তা বাহিনীয়ে প্রতিবাদকাৰীৰ ওপৰত প্ৰত্যক্ষভাৱে গুলীচালনা কৰে। চিকিৎসালয়সমূহৰ পৰা মৃতদেহ আঁতৰোৱা হৈছে আৰু নিহত অধিকাংশই যুৱক। ইফালে প্রতিবাদকাৰীয়ে চৰকাৰী ভৱনত আক্ৰমণ কৰাৰো বাতৰি পোৱা গৈছে।
তেহৰানৰ আল-ৰছুল মছজিদত অগ্নিসংযোগ কৰা হৈছে। অৱশ্যে মানৱাধিকাৰ সংগঠনসমূহে নিহতৰ সংখ্যা চিকিৎসকজনে কৰা দাবীতকৈ কম বুলি কয়। ইৰানত মানৱাধিকাৰ উলংঘাৰ বাতৰি দিয়া ৱাশ্বিংটনস্থিত হিউমেন ৰাইটছ এক্টিভিষ্ট নিউজ এজেঞ্চিয়ে জনোৱা মতে নিহতৰ প্ৰকৃত সংখ্যা ৬৩জনহে। ইয়াৰে ৪৯জন সাধাৰণ নাগৰিক। তেহৰানৰ চৰকাৰী অধিবক্তাই এইবুলি সতৰ্ক কৰি দিয়ে যে প্রতিবাদত অংশগ্ৰহণ কৰাসকলক মৃত্যুদণ্ড দিয়া হ'ব পাৰে। আনহাতে, ইছলামিক ৰিভলিউশ্যনেৰী গার্ড কর্পছে প্ৰতিবাদৰ পৰা শিশুসকলক আঁতৰত ৰাখিবলৈ অভিভাৱকসকলৰ প্ৰতি আহ্বান জনাইছে।