ডিজিটেল ডেস্ক: ৰসৰাজ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বিখ্যাত তথা জনপ্রিয় গ্রন্থ 'বুঢ়ী আইৰ সাধু'ৰ আৰবী সংস্কৰণ নতুন দিল্লীত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। জানিব পৰা মতে, বিশ্ব আৰবী ভাষা দিৱস উপলক্ষে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত গ্রন্থখন অলপতে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।
বিশ্ববিদ্যালয়ত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত আৰব লীগ, ছৌদি আৰব, কুৱেইট, কাটাৰ, য়েমেন, ওমান, জর্ডান, ইজিপ্ত, আলজেৰিয়া, মৰক্কো, ছোমালিয়া আদি কৰি প্রায় ২০খন দেশৰ প্রতিনিধিসকল উপস্থিত থাকে।
উল্লেখযোগ্য যে আবু ছাইদ আনছাৰীয়ে অনুবাদ কৰা গ্ৰন্থখন ইতিমধ্যে ২০২৫ চনৰ মে' মাহত ইজিপ্তৰ কাইৰোত প্ৰকাশিত হৈছিল। মিছৰৰ কাইৰোৰ Daral-Masriya al-Maghribiya lil-Nashr wal-T awzi' (Egypt) প্রকাশনৰ দ্বাৰা প্ৰকাশ কৰিছে। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বিখ্যাত তথা জনপ্রিয় গ্রন্থ 'বুঢ়ী আইৰ সাধু' আৰবী ভাষালৈ অনুবাদ কৰাত কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। আবু ছাইদ আনছাৰীৰ হৈছে কামৰূপ জিলাৰ নৱ গঠিত ছমৰীয়া সমষ্টিৰ কান্দুলিমাৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক হবিবৰ ৰহমান আৰু তাৰাভানুৰ সন্তান। তেওঁ দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ Centre of Arabic and African Studiesৰ গৱেষক ছাত্র।