ডিজিটেল ডেস্কঃ পিতৃহীন হ'ল ৰাজ্যৰ সবাতোকৈ পুৰণি বাতৰি কাকত 'দি আছাম ট্রিবিউন'। অসমৰ সংবাদ ক্ষেত্ৰখনৰ অন্যতম পিতামহস্বৰূপ বিশিষ্ট সাংবাদিক, পদ্মশ্রী বঁটা বিজয়ী তথা দি আছাম ট্রিবিউন কাকতৰ সম্পাদক প্রফুল্ল গোবিন্দ বৰুৱা আৰু নাই। বার্ধক্যজনিত ৰোগত দীর্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা বৰুৱা কালি নিশা প্রায় ৯-৩০ বজাত গুৱাহাটীৰ এপ'ল' হস্পিটেলত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। লক্ষণীয় যে শেহতীয়াকৈ প্রায় এসপ্তাহ ধৰি তেওঁ চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৯৪ বছৰ হৈছিল আৰু ইহসংসাৰত পত্নী, দুগৰাকী কন্যা, বহুসংখ্যক আত্মীয়-স্বজন আৰু শুভাকাংক্ষীক এৰি যায়। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যত গভীৰ শোকৰ ছাঁ পৰিছে। বৰুৱাৰ নশ্বৰদেহত গুণমুগ্ধই শেষ শ্রদ্ধা জ্ঞাপন কৰাৰ পাছত আজি তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব বুলি পৰিয়ালৰ পৰা জানিব পৰা গৈছে।
উল্লেখযোগ্য যে ১৯৩৩ চনৰ ২৬ জুলাইত ডিব্ৰুগড়ত জন্মগ্রহণ কৰা বৰুৱাই জীৱনকালত অসমৰ সংবাদ মাধ্যমৰ ভেটি সবল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ পুত্ৰ। সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০১৮ চনত দেশৰ চতুৰ্থ সর্বোচ্চ অসামৰিক সন্মান পদ্মশ্রী বঁটাৰে সন্মানিত কৰিছিল। অসমত শিক্ষা, সাহিত্য আৰু সাংবাদিকতাৰ বিকাশৰ বাবে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান প্ৰদান কৰা হৈছিল।
আনহাতে, সংবাদক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ বাবে যোৱা ফেব্ৰুৱাৰী মাহত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্রী প্রদান কৰিছিল। শ্বহীদ সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসেও তেওঁক সম্বর্ধনা জনাইছিল। প্রণিধানযোগ্য যে ডিব্ৰুগড়ত স্কুলীয়া শিক্ষা গ্রহণ কৰা প্ৰফুল্ল গোবিন্দ বৰুৱাই ১৯৪৯ চনত দুটা বিষয়ত লেটাৰ নম্বৰসহ প্রথম বিভাগত মেট্রিক পৰীক্ষাত উত্তীর্ণ হয়। ১৯৫১ চনত কটন কলেজৰ পৰা আই এ চি উত্তীর্ণ হয়। ১৯৫৩ চনত কলকাতাৰ প্রেচিডেন্সি কলেজৰ পৰা অৰ্থনীতি বিষয়ত সন্মানসহ স্নাতকোত্তৰ ডিগ্রী অর্জন কৰে। ১৯৫৭ চনত কলকাতা বিশ্ববিদ্যালয়ত স্বর্ণ পদকসহ এল এল বি ডিগ্রী অর্জন কৰে। ১৯৬৪ চনত তেওঁ যুক্তৰাজ্যৰ থমছন ফাউণ্ডেশ্যনৰ পৰা ছপা প্ৰযুক্তিৰ সাংবাদিকতা অধ্যয়নৰ বাবে বৃত্তি লাভ কৰে। ১৯৬২ চনত সাংবাদিকতা আৰম্ভ কৰা বৰুৱাই ১৯৬৬ চনত আছাম ট্রিবিউন গ্ৰুপৰ পৰিচালন সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰে। এই দায়িত্বৰ উপৰি তেওঁ ১৯৯৭ চনৰ পৰা ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ আটাইতকৈ পুৰণি আৰু সৰ্বাধিক প্রচাৰিত ইংৰাজী দৈনিক কাকত 'দি আছাম ট্রিবিউন'ৰ সম্পাদনাও কৰি আহিছিল।
অসমৰ সাহিত্যৰ ক্ষেত্ৰখনলৈ অৰিহণা যোগোৱা বৰুৱাই তেওঁৰ প্ৰকাশন প্রতিষ্ঠান 'সাহিত্য প্রকাশ'ৰ পৰা মাহেকীয়া সাহিত্য আলোচনী 'গৰীয়সী' প্ৰকাশ কৰি আহিছে। 'আছাম ট্রিবিউন' কাকতৰ লগতে বৰুৱাৰ নেতৃত্বাধীন প্রতিষ্ঠানটোৱে অসমীয়া দৈনিক কাকত 'দৈনিক অসম' আৰু সাপ্তাহিক কাকত 'অসমবাণী'ও দীর্ঘকাল ধৰি প্ৰকাশ কৰি আহিছিল।
ইফালে দি আছাম ট্রিবিউন গ্ৰুপৰ স্বত্বাধিকাৰী, সম্পাদক আৰু পৰিচালন সঞ্চালক আৰু অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰত জ্যোতিষ্ক প্রফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ পাছত মুখ্যমন্ত্রী ড° শর্মাই শোকবার্তাত কয় যে নীতিগত সাংবাদিকতাৰ পক্ষত তেওঁ সদায় আছিল। সাংবাদিকতাই নহয়, সাহিত্য, শিক্ষা আৰু অসমৰ জনজীৱনত তেওঁৰ অপৰিসীম অৱদান সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ, সহকর্মী আৰু অগণন গুমমুগ্ধলৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্রী ড° শৰ্মাই। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্যই শোকবার্তাত উল্লেখ কৰে যে উত্তৰ-পূৰ্বাঞ্চলৰ সংবাদ জগতৰ বাটকটীয়া 'দি আছাম ট্রিবিউন'ৰ পৰিচালন সঞ্চালক, সংবাদ জগতৰ মহীৰূহ প্রফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুৰ বাতৰিত অত্যন্ত মর্মাহত হৈছোঁ। ঐতিহাসিক অসম আন্দোলনকে ধৰি অসমৰ প্ৰতিটো সংকটৰ মুহূৰ্তত বৌদ্ধিক নেতৃত্ব প্রদান কৰি অহা, অসমক সঁচা অৰ্থত মনে-প্রাণে ভালপোৱা ব্যক্তিগৰাকীৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ড° ভট্টাচাৰ্যই। অসমৰ সাংবাদিকতাৰ মহীৰূহগৰাকীৰ মৃত্যুত অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তয়ো গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ইফালে প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুত কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী বিমল বড়া, মন্ত্রী জয়ন্ত মল্ল বৰৱা, 'দৈনিক জনমভূমি'ৰ অংশীদাৰ সুব্রত শৰ্মা, কার্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন আৰু কাকতগোষ্ঠীটোৰ সমূহ সাংবাদিক-কর্মচাৰীয়ে শোক প্রকাশ কৰে।