ডিজিটেল ডেস্ক: বাংলাদেশীৰ অনুপ্ৰৱেশ প্ৰতিৰোধ কৰাৰ বাবে পশ্চিম বংগৰ শুভেন্দু অধিকাৰীৰ নেতৃত্বৰ নতুন বিজেপি চৰকাৰখনে শক্তিশালী ব্যৱস্থা গ্রহণ কৰিছে। চৰকাৰখনে বাংলাদেশীৰ অনুপ্ৰৱেশত থকা সুৰুঙা নোহোৱা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।
উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কৈ আহিছে যে বাংলাদেশৰ অনুপ্ৰৱেশৰ ডাঙৰ সুৰুঙা হ'ল পশ্চিম বংগ। এই সুৰুঙা বন্ধ নোহোৱালৈকে ভাৰতত অনুপ্ৰৱেশ হৈয়ে থাকিব। এতিয়া শুভেন্দু অধিকাৰীৰ চৰকাৰে এই সুৰুঙা প্ৰতিৰোধৰ পদক্ষেপ গ্ৰহণ কৰে।
কালি অধিকাৰীৰ পৌৰোহিত্যত সংশ্লিষ্ট সকলো বিষয়াসকলৰ সৈতে অনুষ্ঠিত প্রথমখন কেবিনেট বৈঠকত এইবুলি সিদ্ধান্ত লোৱা হয় যে বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণৰ বাবে কালিৰ পৰা বি এছ এফক ভূমি হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। এই প্ৰক্ৰিয়াটো ৪৫ দিনৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব। আনহাতে, ৰাজ্যখনত জন আৰোগ্য আঁচনিকে ধৰি প্ৰধানমন্ত্ৰীৰ আন আঁচনিসমূহ কাৰ্যকৰী কৰাৰো সিদ্ধান্ত লোৱা হয়।
আনহাতে, চৰকাৰী চাকৰিৰ বাবে বয়সৰ সীমা পাঁচ বছৰ বৃদ্ধি কৰাৰো সিদ্ধান্ত লয় ৰাজ্যিক কেবিনেটে। ইয়াৰ লগতে কেবিনেটে মুখ্য সচিবক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক কেদাৰৰ বিষয়াসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্রশিক্ষণ আৰম্ভ কৰাৰ নিৰ্দেশ দিয়ে। আনহাতে, টি এম চিৰ শাসনকালত অত্যাচৰৰ সন্মুখীন হোৱা পৰিয়ালসমূহক সামাজিক সুৰক্ষা দিয়াৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ লগতে আয়ুষ্মান ভাৰত আঁচনি ৰাজ্যখনত কাৰ্যকৰী কৰা হ'ব। ইফালে এতিয়াৰ পৰা ৰাজ্যখনত ভাৰতীয় ন্যায় সংহিতা কাৰ্যকৰী কৰাৰো সিদ্ধান্ত লয় কেবিনেটে। ইয়াৰ লগতে কেবিনেটে শৰণাৰ্থী তথা গৃহহীন লোকসকলৰ সংস্থাপনৰ ব্যৱস্থা কৰি ভূমিৰ অধিকাৰ দিয়াৰ সিদ্ধান্ত লয়।