ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ সৰ্ববৃহৎ পতন, ভাৰতীয় বিনিয়োগকাৰীৰ ৬ লাখ কোটি লোকচান

dainik janambhumi May 12, 2026

ডিজিটেল ডেস্ক: ডলাৰৰ তুলনাত ভাৰতীয় টকাই কালি পুনৰ অভিলেখৰ সৃষ্টি কৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধি পোৱাৰ সময়তে কালি বৈদেশিক মুদ্ৰাৰ বিনিময় বজাৰৰ লেনদেন সামৰাৰ পৰত কালি ডলাৰৰ তুলনাত টকাৰ মূল্য সৰ্বকালৰ নিম্নতম পৰ্যায় পাইগৈ। শুকুৰবাৰতকৈ কালি টকাৰ মূল্য ৮২ পইচা হ্রাস পায়।

উল্লেখযোগ্য যে ই হ'ল ডলাৰৰ তুলনাত টকাৰ মূল্যৰ সৰ্ববৃহৎ পতন। যোৱা শুকুৰবাৰে বজাৰৰ লেনদেন সামৰাৰ পৰত প্ৰতি ডলাৰ মূল্য আছিল ৯৪.৪৯ টকা। কালিৰ পুৱাৰ ভাগত এটা সময়ত টকাৰ মূল্য প্রতি ডলাৰত ৯৫.৩৪ পইন্ট হৈছিল। 

উল্লেখযোগ্য যে ডলাৰৰ তুলনাত টকাৰ মূল্য হ্রাসে কালি পুৱাৰ ভাগত আন এক অভিলেখৰ সৃষ্টি কৰে। কালি পুৱাৰ ভাগত টকাৰ মূল্য প্ৰথমবাৰৰ বাবে প্ৰায় ডেৰ টকা হ্রাস পাইছিল। পাছত অৱশ্যে পৰিস্থিতি সামান্য উন্নত হয় আৰু ৮২ পইচা হ্রাস পায়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰানে দিয়া শান্তিৰ প্ৰস্তাৱ অগ্রাহ্য কৰাৰ পাছতে টকাৰ মূল্য সর্বাধিক হাৰত হ্রাস পায়।

Share This