শ্রীভূমিত টীয়কৰ মহিলা কনিষ্টবলৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

dainik janambhumi May 05, 2025

ডিজিটেল ডেস্কঃ শ্রীভূমিত এগৰাকী মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ ভাৰাঘৰৰ পৰা উদ্ধাৰ হয়। চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় ক্ষত-বিক্ষত মৃতদেহ। আৰক্ষী কনিষ্টবলগৰাকীৰ নাম ৰাণী বৰা। ৰাণী যোৰহাট জিলাৰ টীয়কৰ বাসিন্দা। কর্মসূত্ৰে কৰিমগঞ্জ বৰ্তমানৰ শ্রীভূমি জিলাত আছিল। শ্রীভূমি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সীমান্ত শাখাত নিযুক্ত আছিল ৰাণী।

জানিব পৰা মতে, নিজৰ প্ৰেমিকৰ সৈতে ভিডিঅ' কলৰ জৰিয়তে কাজিয়াত লিপ্ত হৈ নিজৰ শৰীৰত চোকা অস্ত্ৰৰে আঘাত কৰে। শ্রীভূমি চহৰৰ থানা ৰোডত থকা ভাৰাঘৰত তেওঁ আত্মহত্যা কৰে। এই খবৰ পাই টীয়কৰ পৰা পৰিয়ালৰ লোক আহি উপস্থিত হৈছে যদিও শ্রীভূমি আৰক্ষীৰ নিৰ্দেশত পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰা নাই।

আনকি শ্রীভূমি আৰক্ষীয়ে মৌনতা অৱলম্বন কৰিছে। মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰাই পৰিয়ালৰ লোকে টীয়কৰ উদ্দেশ্যে ৰাওনা হয়। প্রেমিকৰ সৈতে ভিডিঅ' কলত কথা পাতি থাকোঁতে কিয় এনে পথ বাছি ল'লে সেই বিষয়ে জানিব পৰা হোৱা নাই। আনহাতে, ৰাণী বৰাই কিয় আত্মহত্যাৰ পথ বাছি ল'লে সেই বিষয়ে আৰক্ষীয়ে কোনো তথ্য সদৰী কৰা নাই।

Share This