নীৰৱ গড়কাপ্টানী বিভাগ, জিলা প্রশাসন, মৰণফান্দত পৰিণত ধনশ্রীঘাট-চিলংখুঁটি গড়কাপ্টানী পথৰ লালপানী দলং

dainik janambhumi January 20, 2026

ডিজিটেল ডেস্ক: ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সংলগ্ন ধনশ্রীঘাট-চিলংখুঁটি গড়কাপ্টানী পথৰ দলঙত হোৱা এটি প্রকাণ্ড গাঁতে যিকোনো সময়তে বিপদ ঘটাব পাৰে পথচাৰীক। 

ওদালগুৰি জিলাৰ ওৰাং সংমণ্ডলৰ অধীনৰ গড়কাপ্টানী পথটোৰ লালপানী দলঙৰ কাষতে হোৱা গাঁতটো আজিও মেৰামতি কৰিবলৈ সক্ষম নহ'ল বিভাগটোৱে। দলংখনৰ মাজভাগত সৃষ্টি হোৱা গাঁতটোত বিভাগটোৰ সলনি ৰাইজে গছৰ ডাল পেলাই থৈ দিছে যাতে যান-বাহন চালকৰ চকুত পৰে। 

অৰুণাচল সংযোগী পথটোত বর্তমান নিয়মিতভাৱে বাছ, তিনিচকীয়া অট', ই-ৰিক্সা,বাইক, চাইকেল চলাচল কৰে। সদা ব্যস্ত পথটো বিপজ্জনক হৈ থকাৰ পাছতো বিভাগীয়ভাৱে কোনো ব্যৱস্থা নোলোৱাত আশ্চর্য প্রকাশ কৰিছে স্থানীয় ৰাইজ। অঞ্চলটোৰ ৰাইজে শীঘ্ৰে গড়কাপ্টানী বিভাগক গাঁতটো মেৰামতি কৰাৰ দাবী জনাইছে।

Share This