ব্ৰিটিছেও পৰিবেশন কৰিলে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত!

Kakali Deka August 15, 2023

ডিজিটেল ডেস্কঃ ব্ৰিটিছৰ বিৰুদ্ধে এটা সময়ত ভাৰতীয়ই সংগ্ৰাম কৰিছিল। স্বাধীনতাৰ দাবীত হোৱা এই সংগ্ৰামত বহু ভাৰতীয় শ্বহীদ হৈছিল। অৱশেষত ১৫ আগষ্ট, ১৯৪৭ত ব্ৰিটিছে ভাৰতক স্বাধীনতা দিবলৈ বাধ্য হৈছিল। ভাৰতৰ স্বাধীনতাৰ চেতনাক অৱদমন কৰি ৰখা সেই ব্ৰিটিছেই এতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত বজাইছে।সেই দৃশ্য দেখি আপ্লুত হৈ পৰিছে বহু ভাৰতীয়।  ভাৰতীয় সুৰকাৰ ৰিকি কেজৰ নেতৃত্বত ব্ৰিটিছ শিল্পীয়ে অতি সুন্দৰ ভাবে পৰিবেশন কৰিলে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আনকি এই সংগীত শুনি  অভিভূত হৈ পৰিছে। 

ভাৰতীয় বংশোদ্ভূত ৰিকি কেজ বিদেশৰ সংগীত জগতত যথেষ্ট জনপ্ৰিয়। তেওঁ তিনিটাকৈ  গ্ৰেমী বঁটা লাভ কৰিছে। ছ'চিয়েল মিডিয়াত  ৰাষ্ট্ৰীয় সংগীতৰ ভিডিঅ' শ্বেয়াৰ কৰি ৰিকিয়ে  কয় যে কেইদিনমান পূৰ্বে ব্ৰিটিছ শিল্পীসকলে ১০০ টা বাদ্যযন্ত্ৰৰ জৰিয়তে ভাৰতীয় জাতীয় সংগীত বজাইছিল। ৰেকৰ্ডিং লণ্ডনৰ বিখ্যাত আব্বে ৰোড ষ্টুডিঅ'ত হৈছিল।

এই প্ৰসংগতে ৰিকিয়ে লিখিছে , "এই অৰ্কেষ্ট্ৰাই সৰ্বাধিক সংখ্যক বাদ্যযন্ত্ৰৰ সৈতে ভাৰতীয় জাতীয় সংগীত বজাই এটা অভিলেখ গঢ়িছে ।  মই এজন ভাৰতীয় সংগীত পৰিচালক হিচাপে গৌৰৱান্বিত । "
 সুৰকাৰজনে লগতে  লিখিছিল, "মই স্বাধীনতা দিৱসত এই ঐতিহাসিক ৰেকৰ্ডিং সকলোৰে বাবে আগবঢ়াইছো।  এয়া চাওঁক, শ্বেয়াৰ কৰক, কিন্তু সন্মানৰ সৈতে। এয়া এতিয়া আপোনাৰ। জয় হিন্দ। ৰিকিয়ে তেওঁৰ পোষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো টেগ কৰিছে।

Share This