সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ তথ্য, বাজেটৰ ধনৰ বিশালতা, ব্যয়ৰ পৰিসংখ্যাই ৰচিলে অভিলেখ

dainik janambhumi April 03, 2026

ডিজিটেল ডেস্ক: ২০২৫-২৬ বিত্তীয় বৰ্ষত বাজেটৰ ধন ব্যয়ৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিছে অসমে। কালি এই কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই ছ'চিয়েল মিডিয়া যোগে কয়, '২০২৫-২৬ বিত্তীয় বর্ষ অতিক্ৰম কৰি এটি নতুন বিত্তীয় বৰ্ষত ভৰি থোৱাৰ এই মুহূর্তত এটি অতি আনন্দৰ খবৰ আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ।

স্বাধীনতাৰ পাছত অসমে প্ৰথমবাৰৰ বাবে বিত্তীয় ক্ষেত্ৰত এক ঐতিহাসিক অধ্যায়ৰ সূচনা কৰিবলৈ সক্ষম হৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত অসমৰ বাজেট প্রায় ১.৬৯ লাখ কোটিৰ পৰা বৃদ্ধি পাই প্রায় ২.০ লাখ কোটিত উপনীত হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল- এই বৃহৎ পৰিসৰৰ মাজতো প্রায় ৮৫ শতাংশ বাজেট ব্যৱহাৰ নিশ্চিত কৰা হৈছে, যি এক শক্তিশালী আর্থিক ব্যৱস্থাপনা আৰু দক্ষ শাসনৰ প্ৰতিফলন।' 

আনহাতে কংগ্ৰেছৰ দিনত বাজেটৰ ধন ব্যয় হোৱাত ৰাজ্য চৰকাৰখন ব্যর্থ হোৱাৰ কথা ব্যক্ত কৰি তেওঁ লগতে কয়, 'কংগ্রেছে ১ লাখ কোটি টকাৰ ডেওনা অতিক্ৰম কৰিবলৈকে ৭৫ বছৰ লাগিছিল, কিন্তু আমাৰ চৰকাৰৰ মাত্ৰ চাৰি বছৰতে ১.৭৫ লাখ কোটি টকালৈ বৃদ্ধিয়ে নতুন ইতিহাস ৰচিলে। একে সময়তে প্রায় ২৬,৫০০ কোটি টকা মূলধনী ব্যয়ত বিনিয়োগ কৰা হৈছে। ইও সর্বাধিক। এই ধৰণৰ ব্যয়ে বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয়, দলং আৰু ডিজিটেল আন্তঃগাঁথনি নিৰ্মাণৰ দ্বাৰা অহা দহ বছৰত অৰ্থনৈতিক বিকাশৰ শক্তিশালী আধাৰ হব।' ইফালে ৰাজ্যৰ মুঠ আয়ো প্রায় ১০,০০০ কোটি টকা বৃদ্ধি পাইছে বুলি জানিবলৈ দি তেওঁ লগতে কয়, 'ইয়াৰ মুখ্য কাৰণ হৈছে নিজা কৰ সংগ্ৰহৰ উন্নতি আৰু কেন্দ্ৰীয় অংশীদাৰিত্বৰ বৃদ্ধি। লগতে বিত্ত আয়োগৰ অনুদানসমূহো বিশেষকৈ স্থানীয় সংস্থা আৰু স্বাস্থ্য খণ্ডত উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে, যাৰ সুফল ৰাজ্যবাসীয়ে প্রত্যক্ষভাৱে লাভ কৰিব।' মুখ্যমন্ত্ৰীগৰাকীৰ মতে, 'ভাৰত চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগে ২০২৬-২৭ বৰ্ষৰ বাবে অসমৰ জি এছ ডি পি প্রায় ৮.১৩ লাখ কোটি বুলি অনুমান কৰিছে, যি পূৰ্ববৰ্ষৰ প্রায় ৭.২৪ লাখ কোটিৰ পৰা যথেষ্ট ওপৰত। এয়া আমাৰ শক্তিশালী অর্থনৈতিক বিকাশৰ স্পষ্ট প্রমাণ।' 

আনহাতে এই সফলতা আকস্মিক নহয়। এয়া হৈছে নীতিগত পৰিকল্পিত প্রচেষ্টা, কঠোৰ পৰিশ্ৰম আৰু সুশাসনৰ ইতিবাচক ফল বুলি মত প্ৰকাশ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়, 'এসময়ত চৰকাৰী কৰ্মচাৰীৰ বেতন সময় মতে প্রদান কৰাটোও এক গুৰুত্বপূৰ্ণ সমস্যা আছিল। বাজেটৰ ধন যথাযথ ব্যৱহাৰ নোহোৱাত বহু সময়ত ঘূৰাই পঠিয়াব লগা হৈছিল, যাৰ ফলত উন্নয়ন থমকি ৰৈছিল। কিন্তু আজি সেই দিনসমূহ অতীত। এতিয়া বাজেটৰ প্ৰতিটো টকা উন্নয়ন আৰু জনকল্যাণৰ উদ্দেশ্যে সুচিন্তিতভাৱে ব্যৱহাৰ কৰা হৈছে, আৰু অসম এক দৃঢ় আৰু আত্মবিশ্বাসী বিকাশৰ পথত আগবাঢ়িছে। এই পথতেই আগবাঢ়ি অসমে নিজৰ লক্ষ্য পূৰণৰ দিশত দৃঢ়ভাৱে আগবাঢ়িছে আৰু দ্রুতগতিত বিকশিত হোৱা অর্থনীতি হিচাপে নিজক প্রতিষ্ঠা কৰিছে।'

Share This