ডিজিটেল ডেস্ক: বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কালি সংসদত অহা বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰাৰ সময়তে দেশৰ শ্বেয়াৰ বজাৰত ছুনামিৰ সৃষ্টি হয়।
উল্লেখযোগ্য যে কালি দেওবাৰ হোৱা সত্ত্বেও সাধাৰণ বাজেট দাখিল কৰাৰ কাৰণে শ্বেয়াৰ বজাৰ খোলা ৰখা হৈছিল। বিত্ত মন্ত্রীয়ে বাজেটত ছিকিউৰিটি ট্রেনজেকশ্যন টেক্স (এছ টি টি) ০.০২৫% বৃদ্ধি কৰি ০.০৫% কৰে। ইয়াৰ লগে লগে বজাৰত বিনিয়োগকাৰীৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। ফলত বম্বে ষ্টক এক্সচেঞ্জৰ সূচকাংক ছেনছেক্স প্রায় ২৩৭০ পইন্ট অৱনমিত হয় আৰু ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ সূচকাংক ৭৫০ পইন্ট অৱনমিত হয়। ৰিলায়েন্স, বি ই এল আৰু আদানি পৰ্টছকে ধৰি আগশাৰীৰ কোম্পানীবোৰৰ শ্বেয়াৰ ধৰাশায়ী হয়। ফলত মুহূৰ্তৰ ভিতৰতে বিনিয়োগকাৰীৰ প্ৰায় ১১ লাখ কোটি টকা লোকচান হয়। অৱশ্যে পাছত পৰিস্থিতি সামান্য উন্নত হয়।
বজাৰৰ লেনদেন সামৰাৰ পৰলৈ ছেনছেক্স ১৫৪৬ পইন্ট অর্থাৎ ২% অৱনমিত হৈ ৮০,৭২২ পইন্ট হয়গৈ। আনহাতে নিফটি ৪৯৫ পইন্ট অৱনমিত হৈ ২৪,৮২৫ পইন্ট হয়। উল্লেখযোগ্য যে বাজেটত ফিউচাৰ ট্রেডিঙত এছ টি টি ০.০২%ৰ পৰা বৃদ্ধি কৰি ০.০৫% কৰাৰ প্ৰস্তাৱ কৰা হৈছে। ইয়াৰ লগতে অপশ্যন্ প্রিমিয়াম আৰু এক্সাৰছাইজতো এছ টি টি ০.১৫%লৈ বৃদ্ধি কৰা হয়। বিনিয়োগকাৰীয়ে বাজেটত কৰা ঘোষণাৰ পাছতে দ্রুত গতিত শ্বেয়াৰ বিক্ৰী কৰিবলৈ ধৰে। ফলত ছেনছেক্সৰ তালিকাভুক্ত কোম্পানীবোৰৰ বজাৰ মূলধন ১১ লাখ কোটি টকা হ্রাস পায়।